গল্প ১ : মুক্ত বিহগী

গল্প ১ : মুক্ত বিহগী

- মৃদুস্মিতা কলিতা

কপালেৰে বৈ অহা ঘামখিনি মধ্যমা আৰু তৰ্জনী আঙুলিটোৰে মচি দি খঙেৰে মূৰৰ ওপৰত স্থিৰ হৈ ওলমি থকা ফেনখনলৈ চালো ।

"এই কাৰেণ্টোৰ মানে সময়-অসময় একো নাই, ২৪ ঘণ্টাত ২৫ বাৰমান যায় ।"

 টেবুলত থকা A4 Size page কেইটাৰ ওপৰতে মূৰতো পেলাই দিলো ।

"উফ , এই assignment কেইটা কেতিয়া যে লিখা complete হ'ব । কিমান প্লেনিং আছিল গৰমৰ বন্ধত, কিন্তু যি দেখিছোঁ এই assignment খিনিৰ কাৰণে একোৱে কৰিব নোৱাৰিম ।"

খঙেৰে কিতাপখিনি জপাই থৈ বেলকনিলৈ ওলাই আহিলো । বেলকনিৰ ৰেলিঙত হাঁতদুখন ভেঁজা দি দূৰলৈ চাই পঠিয়ালো । চকুত পৰিল শিৰীষ গছেৰে আবৃত হৈ থকা মোৰ প্ৰাথমিক বিদ্যালয়খন । বিদ্যালয়ৰ সন্মুখৰ ফিল্ডখনত দৌৰা-দৌৰি কৰি থকা লʼৰা - ছোৱালীকেইটাৰ মাতবোৰ ৰিণিকি-ৰিণিকিকৈ কাণত পৰিল । অজানিতে চকু দুটা লাহে লাহে জাপ খাই আহিল ।

"ঐ মৌ, ৰিণিহঁতৰ বাৰীৰ পিছফালে থকা আমবোৰ ইমান মিঠা জাননে ?"

"সঁচা ? ব'ল তেনেহ'লে কেইটামান চুৰ কৰি আনোগৈ ।"

জিভাখনেৰে ওপৰৰ ওঁঠতো চেলেকি কৈ উঠিলো । কেঁকোৰা চুলিখিনি দুফালে দুডাল বেণী কৰি, পথাৰে - পথাৰে দৌৰি মলিয়ন কৰা ফ্ৰকটোত হাতদুখন মোহাৰি শিৰীষ ডালৰ তলৰ পৰা একেজাঁপে উঠিলো ।

" ইচ্, তোৰ ফ্ৰকটোচোন ইমান লেতেৰা হ'ল । "

"মায়ে মোক আজিও সেই পুৰণা ডায়লগটোৱে মাৰিব জান । এই গৰমৰ বন্ধ দিয়াৰ নিয়মটোযে কোনে উলিয়ালে, জুলাইৰ মাহটোত ইহঁতকেইটাৰ উৎপাতত শান্তি নাইকিয়া হৈ যায় মোৰ । দিনৰ দিনটো অʼত-তʼত চুচৰি বাগৰি গধূলিহে ঘৰখনত আৱিৰ্ভাৱ হ'বলৈ সময় পায় ।"

ফ্ৰকটো এখন হাতেৰে অকণমান কোঁচাই বিশেষ ভংগীমাৰে কোৱা কথাখিনি শুনি লগৰ দুজনী হাঁহি-হাঁহি বাগৰি পৰিল ।

"মাৰ হে অশান্তি, আমাৰ যে কিমান শান্তি । দিনটো আম-জামৰ তলে তলে দৌৰি ফুৰা, স্কুলৰ ফিল্ডখনত ইমূৰ- সিমূৰ দৌৰা, যাদৱ খুৰাহঁতৰ পথাৰখনত সেউজীয়া ধাননিৰ মাজে মাজে দৌৰা আৰু গধূলি বোকাৰে লুতুৰি-পুতুৰি হৈ আহি মাৰ গালি খোৱা ।"

"মায়ে গালি পাৰি পাৰি গা ধুৱাই দিলেও যে মনৰ পৰা সেই শান্তিটো আঁতৰি নাযায় ।"

"বাৰু সেইবোৰ বাদ দেচোন, হেডছাৰে যে নেওতাৰ ভাগ দহবাৰ লিখিব দিছিল, লিখিলি জানো ?"

"নাই, দুবাৰহে হ'ল । মই কালিহে মামাহঁতৰ ঘৰৰ পৰা আহিলো । সেইকাৰণে এইকেইদিন লিখিবয়ে সময় পোৱা নাছিলো ।"

"মইও পৰহি মামাহঁতৰ ঘৰলৈ যাম ।"

"মৌ, মৌ... বেলকনিত আউজি শুই গʼলা নেকি ?"

"নাই মা, এটি বহুত ধুনীয়া সপোন দেখি আছিলো । মা, মামাহঁতৰ ঘৰলৈ কেতিয়া যাম ? "

"মা-দেউতা ঢুকোৱাৰ পিছত সেইখন ঘৰলৈনো এতিয়া কি যাওঁ । তাতে আৰু দাদাহঁতো সকলো ভাগ ভাগ হৈ গ'ল..."

মায়ে নেমুৰ চৰবতৰ গিলাচটো মোৰ হাতত দি চাদৰৰ আঁচলটোৰে চকুৰ কোণটো মচি তাৰ পৰা আঁতৰি গ'ল । মা যোৱাৰ পিনে এখন্তেক চাই পুনৰ সন্মুখলৈ চালো । দৃষ্টি নিৱদ্ধ হ'ল ভঁৰালৰ বেৰখনত ওলমি থকা সৰু জাকৈখনত । এটি মিঠা হাঁহি দুই ওঁঠেৰে বাগৰি গ'ল । পেহীহঁতে ওচৰৰ বিলখনত জাকৈ মৰা দেখি দেউতাৰ ওচৰত সদায় আবদাৰ কৰি কৰি অৱশেষত গৰমৰ বন্ধত এইখন লৈ পেহীহঁতৰ লগত যাবলৈ পাইহে মনটোৱে শান্তি পাইছিল । মূৰত এখন সৰু গামোচা আৰু কঁকালত অকণমানি খালৈ এটি লৈ পেহীহঁতে যেনেকৈ মাছ মাৰিছিল মইও মাৰিছিলো । ৰʼদত ৰঙা-চিঙা পৰি‌ , বোকাত লুতুৰি-পুতুৰি হৈছিলো । মাছ কিন্তু এটাও পোৱা নাছিলো । তথাপিও মনটো ভৰি আছিল পৰম প্ৰশান্তিৰে।কেঁকোৰা চুলিকোচা কৃত্ৰিমভাৱে ষ্ট্ৰেইট কৰি অনাৰ দিনাও চাগে মনটোৱে সিমান শান্তি পোৱা নাছিলে ।

শৈশৱৰ গৰম বন্ধৰ হাঁহি-আনন্দেৰে খিলখিলাই থকা সেই সময়ছোৱা আকৌ এবাৰ ঘুৰাই পোৱা হ'লে । বৰ্তমান যান্ত্ৰিক পৃথিৱীখনত গৰমবন্ধৰ দিনকেইটাত বিভিন্ন কৰ্মশালাত ব্যস্ত থকা শিশুবোৰতকৈ পথাৰে-পথাৰে দৌৰি ৰঙা-চিঙা পৰা মই, সঁচাকৈ বহুত সুখী আছিলো ।

সোণৰ সঁজাত বন্দী বিহগীজনীক সুস্বাদু খাদ্য খুৱালেও সি অকণো শান্তি নাপাই , মুকলি আকাশত উৰি-উৰি কীট-পতংগ ভক্ষণ কৰিয়েই সি পাই পৰম শান্তি । যান্ত্ৰিকতা যিমানেই ৰঙীন নহওঁক কিয়, প্ৰকৃতিৰ বুকুত, সেউজীয়া দলিছাত খোজ পেলাইহে আমি পাওঁ জীৱনৰ পৰম শান্তি ।

"তাহানিৰে কাহিনী

  শৈশৱৰ সেই ৰʼদালি

  সোণোৱালী পথাৰতে

  সোণগুটি সেই ধেমালি ।। "

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in