প্ৰতীকি ফটো
প্ৰতীকি ফটো 
অসম

তেজপুৰত অনুষ্ঠিত হ'ব দ্বিতীয় বৰভাগ গ'লফ প্ৰতিযোগিতা...

Asomiya Pratidin

ডিজিটেল ডেস্ক: ৮ জানুৱাৰীত তেজপুৰৰ সেনা গলফ কোৰ্চত অনুষ্ঠিত হ'ব দ্বিতীয়ভাগ বৰভাগ গ'লফ প্ৰতিযোগিতা। অসমত গ'লফৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

উল্লেখ্য যে, ভাৰতীয় সেনাই অসমত প্ৰথমবাৰৰ বাবে ননআৰ্মি গ'লফ প্ৰতিযোগিতাৰ বাবে গ'লফ পথাৰখন মুকলি কৰি দিছে।বৰভাগ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ ৭ টা গ'লফ ক্লাৱৰ ১০০ জনে অংশ গ্ৰহণ কৰিব।

আয়োজন অনিৰুদ্ধ গোস্বামীয়ে জনোৱা অনুসৰি  এই প্ৰতিযোগিতাত গুৱাহাটী ৰেলৱে, গুৱাহাটী ৰেপটা, অএনজি, চিনাজিৰা, ডিমাপুৰক্লাৱ, তেজপুৰ জিটিএ ক্লাৱ, যোৰহাট জিমখানা ক্লাৱ আৰু মিছাপল ক্লাৱে অংশ গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে এই বৰভাগ কাপৰ লক্ষ্য হ'ল উত্তৰ পূৰ্বাঞ্চলত গলফৰ প্ৰয়োজনীতা বৃদ্ধি কৰা।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে ২০২১ চনৰ ৩ জানুৱাৰীত অসমৰ মিচাপলাক্লাৱৰ প্ৰাংগনত প্ৰথমবাৰৰ বাবে বৰভাগ কাপ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।

আৰু পঢ়ক: বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ দিনত উত্তৰ-পূৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে: মন্ত্ৰী পীযুষ হাজৰীকা