গোলাঘাট

কাৰ্বি পাহাৰত অবৈধ খননৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ কাৰ্বি পাহাৰত অবৈধ খননৰ বিৰুদ্ধে কাজিৰঙাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ স্বাৰ্থত অতি শীঘ্ৰে কাৰ্বি পাহাৰ খনন বন্ধ কৰাৰ দাবী উত্থাপন কৰি যুৱ ছাত্ৰ পৰিষদে কহঁৰাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহন কৰে ৷

প্ৰতিবাদকাৰীসকলৰ অভিযোগ যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা কাৰ্বি পাহাৰ বন্য জীৱ-জন্তুৰ অন্যতম বিচৰণথলী ৷ গতিকে ন্যায়ালয়ৰ নিৰ্দেশকো অমান্য কৰি চলি থকা পাহাৰ খননে বন্য জীৱকুলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব ৷

অভিযোগ মতে কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ ছত্ৰছায়াত দৰসিং ৰংহাং আৰু প্ৰদীপ টেৰণ নামৰ দুজন লোকৰ নেতৃত্বত চলিছে কাৰ্বি পাহাৰ ধ্বংস কাৰ্য ৷ গতিকে এই লোক দুজনৰ বিৰোদ্ধে অতি সোনকালে ব্যৱস্থা গ্ৰহনৰ দাবী জনায় ৷

আনহাতে কহঁৰা বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ৰ উন্নীতকৰণৰ দাবী জনাই যুৱ ছাত্ৰ পৰিষদে ৷ চৰকাৰক এই ক্ষেত্ৰত উচিত প্ৰদক্ষেপ গ্ৰহন কৰাৰ দাবী উত্থাপন কৰে। অন্যথা প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমনৰ সময়তে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰা হ’ব বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷