গোলাঘাট

কাজিৰঙাত বিশ্ব হস্তী দিৱস উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : আজি বিশ্ব হস্তী দিৱস,সেয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে কাজিৰঙাতো বিশ্ব হাতী দিৱস উদযাপন কৰা হৈছে। কাজিৰঙাৰ স্বেচ্ছাসেৱী সংগঠন কৰৱেট ফাউণ্ডেচন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।

সেই অনুসৰি, কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰা হস্তী দিৱসৰ কাৰ্যসূচীত শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত শৈক্ষিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰোপৰি ছাত্ৰী-ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা আৰু হাতী-মানুহৰ সংঘাত দূৰীকৰণৰ উদ্দেশ্যে এখন সজাগতামূলক নাটো প্ৰদৰ্শন কৰা হয় ৷

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ DFO অৰুণ ভিগনেছে এই অনুষ্ঠানতে হাতী-মানুহৰ সংঘাতৰ বিপৰীতে সহৱস্থানৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি উল্লেখ কৰে। লগতে তেওঁ হাতীৰ কৰিডৰসমূহ সূচল কৰি ৰখাৰ আহ্বান জনায়। সাধাৰণতে হাতী অহা-যোৱা বাট-পথসমূহত যাতে মানুহে বাধাৰ সৃষ্টি নকৰে তাৰবাৰে লক্ষ্য ৰাখিবলৈ তেওঁ আহ্বান জনায়।

আনহাতে,উক্ত অনুষ্ঠানতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হেড মাউত কিৰণ ৰাভাই হাতী পৰিচালনা কৰাৰ বিভিন্ন প্ৰক্ৰিয়া সন্দৰ্ভত উপস্থিত ছাত্ৰ-ছাত্ৰীৰ আগত মত ব্যক্ত কৰে।