গোলাঘাট

গোলাঘাটৰ গণক পুখুৰীত থিয়েটাৰ বিষ্ণুজ্যোতিৰ কাৰ্যালয় মুকলি...

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ কৃষ্টিৰ বাটেৰে সংস্কৃতিৰ পথাৰত নতুন আশাৰ সৃষ্টি কৰা মানসেৰে এইবাৰ আত্মপ্ৰকাশ কৰিছে বিষ্ণুজ্যোতি থিয়েটাৰে ৷ সোমবাৰে গোলাঘাট জিলাৰ গণকপুখুৰীত থিয়েটাৰ বিষ্ণুজ্যোতিৰ কাৰ্যালয়ৰ মুকলি কৰা হয় ৷ ৰাজ্যৰ বিশিষ্ট অভিনেতা ৺ পৰেশ হাজৰিকাৰ স্মৃতি বিজড়িত বিষ্ণুজ্যোতি থিয়েটাৰৰ কাৰ্যালয় উন্মোচন কৰে অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি তথা সুদক্ষ অভিনেতা পৰীক্ষিত দত্তই ৷

থিয়েটাৰ বিষ্ণুজ্যোতিৰ গণকপুখুৰী চাৰিআলিৰ সমীপত কাৰ্যালয় গৃহটিৰ ফিটা কাটি শুভ উদ্বোধন কৰে পৰীক্ষিত দত্তয়ে । বিপ্লৱ হাজৰিকাৰ প্ৰযোজনাত গোলাঘাটৰ গণকপুখুৰীৰ পৰা ভুমুকি মাৰি অসমবাসীক নাটকৰ সোৱাদ দিবলৈ সাজু হৈছে নাট্য দলটি ।

২০২৩- ২৪ নাট্য বৰ্ষত থিয়েটাৰ বিষ্ণুজ্যোতিয়ে এদল নবীন প্ৰৱীন শিল্পীক লৈ তিনিখনকৈ ভিন্ন স্বাদৰ নাটকৰে নাট্যযাত্ৰা আৰম্ভ কৰিব বুলি প্ৰযোজক বিপ্লৱ হাজৰিকাই জানিবলৈ দিছে । নাটক কেইখন হৈছে যুৱ নাট্যকাৰ স্যমন্ত হাজৰিকাৰ "ডেউকা ভঙা বতাহ", বলিষ্ঠ নাট্যকাৰ ক্ষীতিশ বৰাৰ "কয়দী" আৰু "সেন্দুৰ" । নাট্য দলটোৰ এই যাত্ৰাত অসমৰ ৰাইজৰ মৰম আৰু সহযোগিতা কামনা কৰিছে প্ৰযোজক বিপ্লৱ হাজৰিকা আৰু থিয়েটাৰ বিষ্ণুজ্যোতি পৰিয়ালে ।