গোলাঘাট

উৰিয়ামঘাটত কিশোৰী নিৰুদ্দেশঃ অপহৰণৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ এগৰাকী কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে । পৰিয়ালৰ সূত্ৰই জনোৱা মতে যোৱা ১৫ মে'ত কম্পিউটাৰ কেন্দ্ৰলৈ কম্পিউটাৰ শিকিবলৈ গৈ নিৰুদ্দেশ হৈছে ষোল্ল বছৰীয়া কিশোৰী গৰাকী। পৰিয়ালৰ লোকে উৰিয়ামঘাট আৰক্ষী থানাত দিয়া এজাহাৰ অনুসৰি কিশোৰী গৰাকীক যোৰহাটৰ জনৈক আহমেদ উপাধিৰ এজন লোকে ঘৰৰ পৰা আহি থকাৰ সময়ত সৰু বগা ৰঙৰ গাড়ী এখনত বলপূৰ্বক উঠাই নি অজ্ঞাত স্থানত লুকুৱাই ৰাখিছে।

উল্লেখ্য যে কিশোৰীগৰাকী সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কিশোৰী গৰাকীৰ সৈতে যুৱকজনৰ প্ৰেমৰ সম্পৰ্ক আছিল বুলিও বিভিন্ন জনে সন্দেহ প্ৰকাশ কৰিছে । পৰিয়ালৰ লোকৰ এজাৰখনৰ ভিত্তিত উৰিয়ামঘাট আৰক্ষীয়ে ২৫/২৩ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/ ৩৬৩ ধাৰাৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে বাল্য বিবাহ নিৰ্মূলৰ বাবে চৰকাৰ কঠোৰ হোৱাৰ সময়তেই উৰিয়ামঘাটৰ পৰা এগৰাকী কিশোৰীক বিভিন্ন প্ৰলোভনেৰে পলুৱাই নিয়া লোকজনৰ বিৰুদ্ধে আৰক্ষীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। ইপিনে কিশোৰীগৰাকীৰ মাতৃয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষৰ ওচৰত আহ্বান জনাইছে।