গোলাঘাটত আৰক্ষী অধীক্ষকৰ দেহৰক্ষীৰ আত্মহত্যা...
গোলাঘাটত আৰক্ষী অধীক্ষকৰ দেহৰক্ষীৰ আত্মহত্যা...  
গোলাঘাট

গোলাঘাটত আৰক্ষী অধীক্ষকৰ দেহৰক্ষীৰ আত্মহত্যা...

Asomiya Pratidin

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাটত চাঞ্চল্যকৰ ঘটনা। আত্মহত্যাৰ পথ বাচি ল'লে গোলাঘাট আৰক্ষী অধীক্ষকৰ দেহৰক্ষীয়ে। আত্মহত্যা কৰা আৰক্ষী কনিষ্টবল জন ৩৭ বছৰীয়া ৰাকেশ ৰয়।

আজি সন্ধিয়া সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে, ৰাকেশৰ ৰয়ৰ পত্নী আৰু সন্তান বিগত কেইবাটাও দিন ধৰি নিজ ঘৰৰ পৰিৱৰ্তে আছিল পিতৃ গৃহত। আজি দুপৰীয়াৰ ভাগত পত্নীয়ে কেইবাবাৰো ফোন কৰাত কোনো উত্তৰ নাপায় সহকৰ্মীৰ সৈতে যোগাযোগ কৰে।

কিন্তু তাৰ পাছতো স্বামীৰ কোনো সুংশুত্ৰ নাপালে পত্নীয়ে। ফলত তেওঁ পিতৃগৃহৰ পৰা স্বগৃহলৈ উভতি আহে আৰু ঘৰৰ চিলিং ফেনত ৰাকেশ ৰয়ক চিপ লৈ উলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

এই ঘটনাই গোলঘাট আৰক্ষীৰ ভিতৰচৰতা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে ৰাকেশ ৰয় বহু বছৰ ধৰি গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ দেহৰক্ষী হিচাপে কৰ্মৰত আছিল।

কিন্তু ৰাকেশ ৰয়ে কিয় এই পথ বাচি ল'লে সেই বিষয়ে কোনো তথ্য এই পৰ্যন্ত লাভ কৰা নাই। এই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। তদন্তৰ অন্ততহে প্ৰকৃত কাৰণ জানিব পৰা যাব।