'শ্ৰী ৰঘুপতি' সন্দৰ্ভত সীমান্ত শেখৰে ক'লে 'এনে নকৰিব, ডিলিট কৰি দিয়ক'
'শ্ৰী ৰঘুপতি' সন্দৰ্ভত সীমান্ত শেখৰে ক'লে 'এনে নকৰিব, ডিলিট কৰি দিয়ক' 
গোলাঘাট

'শ্ৰী ৰঘুপতি' সন্দৰ্ভত সীমান্ত শেখৰে ক'লে 'এনে নকৰিব, ডিলিট কৰি দিয়ক'

Asomiya Pratidin

ডিজিটেল সংবাদ কাজিৰঙাঃ ছবি গৃহত পূৰ্ণোদ্যমে চলি থকা ৰবি শৰ্মাৰ 'শ্ৰী ৰঘুপতি চিনেমা'ৰ দৃশ্য মোবাইলত আৱদ্ধ কৰি আনি একাংশ লোকে ইউটিউব তথা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। উল্লেখ্য যে, ইতিমধ্যে পাইৰেচীৰ কৱলত পৰা 'শ্ৰী ৰঘুপতি' চিনেমাখনৰ পৰিচালক শৈলন কুমাৰ শৰ্মাই বিষয়টোৰ সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক অভিযোগ দাখিল কৰিছে।

তাৰ পাছতে কাজিৰঙাত উপস্থিত হৈ সীমান্ত শেখৰে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, এটা সময়ত পাইৰেচীৰ কাৰণে ধ্বংস হৈ গৈছিল অসমীয়া চি ডিৰ উদ্যোগ। মৃতপ্ৰায় অসমীয়া চলচ্চিত্ৰ উদ্যোগে পুনৰ প্ৰাণ পোৱাৰ সময়ত সকলোকে এনে কামৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে সীমান্ত শেখৰে

তেওঁ কেৱল শ্ৰী ৰঘুপতিৰ ক্ষেত্ৰতে নহয়, আহিবলগীয়া সকলো অসমীয়া চিনেমাৰ ক্ষেত্ৰতে এই কথা মনত ৰাখিবলৈ আহ্বান জনায়। অৱশ্যে তেওঁ ফটো আপলোড কৰি চিনেমাৰ প্ৰচাৰ কৰাত একো আপত্তি নাই বুলিও মন্তব্য কৰিছে। যিসকলে ইউটিউব, ফেচবুক আদিত 'শ্ৰী ৰঘুপতি' চিনেমাখনৰ ক্লিপ আপলোড কৰিছে তেওঁলোকক সেইবোৰ ডিলিট কৰিবলৈ আহ্বান জনাইছে।

ইপিনে অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৭ খনকৈ হৰ্ডিঙৰ ব্যৱস্থা কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে। ইয়াৰে এখন বৃহৎ আকাৰৰ ডিজিটেল হৰ্ডিং হ'ব বুলি প্ৰকাশ কৰে অধ্যক্ষগৰাকীয়ে।

অন্যহাতে কেইবাখনো বলিউডৰ ছবিৰ শ্বুটিং হোৱা কাজিৰঙাক লৈ বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে।