গোলাঘাট

অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল শৰ্মা আৰু নাই

Asomiya Pratidin

ডিজিটেল সংবাদ,উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰ মৌজাৰ বৰচাপৰি গাঁও নিবাসী তথা ১৩ নং মাজুলী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰফুল্ল শৰ্মা আৰু নাই। মঙলবাৰে বিয়লি প্ৰায় ৪-২০ বজাত নিজ বাসভৱনত শৰ্মাৰ পৰলোকপ্ৰাপ্তি ঘটে।

মৃত্যুৰ সময়ত শিক্ষক শৰ্মাৰ বয়স হৈছিল ৯৩বছৰ। কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি থকা শৰ্মাই মৃত্যুৰ সময়ত তিনি পুত্ৰ, দুগৰাকী কন্যাকে ধৰি অনেক আত্মীয়ক সংসাৰত এৰি গৈছে।

সৰবৰহী ব্যক্তিগৰাকীৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে বিভিন্ন মহলে গভীৰ শোক প্ৰকাশ কৰিছে। তেঁওৰ মৃত্যু অঞ্চলটোৰ বাবে অপূৰণীয় ক্ষতি বুলি সচেতন মহলে একেমুখে প্ৰকাশ কৰে।