গোলাঘাট

হাতী-মানুহৰ সংঘাত নিৰাময়ৰ উদ্দেশ্যে খুমটাইত ৰাজহুৱা সভা

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাট : নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত গোলাঘাট জিলাৰ মৰঙী আৰু খুমটাইৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ জাকে ধনশিৰি উপত্যকাত ত্ৰাসৰ সৃষ্টি কৰি অহাৰ ফলত দিনক দিনে হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈ আহিছে। হাতী-মানুহৰ সংঘাতে বৰ্তমান ধনিশিৰি উপত্যকাৰ এক বৃহৎ সমস্যা হিচাপে দেখা দিছে।

সৰুপথাৰ আৰু খুমটাই সমষ্টিৰ মৰঙী,চিনাতলী,শাওঁতলী আদি অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাসত ৰাইজে ত্ৰাহি মধুসূদন সুঁৱৰি আহিছে। এই সমস্যাৰ এক যোগাত্মক সমাধানৰ উদ্দেশ্যে আগত ৰাখি গোলাঘাটৰ ধনশিৰি নদীৰ আৱৰঘাটত খুমটাই বুধবাৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ আহ্বানত এক জনসভা অনুষ্ঠিত হয়।

এই সভাত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু অৰণ্য মানৱ যাদৱ পায়েঙ উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে। লগতে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া,খুমটাইৰ উপ-জিলাৰ উপ-আয়ুক্ত আৰু গোলাঘাট জিলা বন বিষয়া উপস্থিত থাকে। সভাত হাতী- মানুহৰ সংঘাতৰ অন্ত পেলোৱাৰ বাবে উপস্থিত ৰাইজৰ লগত আলোচনা কৰি গোলাঘাট বন বিভাগক এই সমস্যা দূৰীকৰণৰ বাবে এটা প্ৰকল্পৰ প্ৰাক-কলন প্ৰস্তুত কৰি এমাহৰ ভিতৰত দাখিল কৰিবলৈ আহ্বান জনায়।