গজ মহোৎসৱকলৈ প্ৰস্তুতি
গজ মহোৎসৱকলৈ প্ৰস্তুতি 
গোলাঘাট

কাজিৰঙাৰ গজ মহোৎসৱকলৈ যুদ্ধকালীন প্ৰস্তুতি...

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ নেৰানেপেৰা বৰষুণৰ মাজত যুদ্ধকালীন তৎপৰতাৰে কাজিৰঙাত চলিছে গজ মহোৎসৱৰ প্ৰস্তুতি । উল্লেখযোগ্য যে ১৯৯২ চনত আৰম্ভ হোৱা হস্তী প্ৰকল্পৰ ৩০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অহা ৭ আৰু ৮ এপ্ৰিলত কাজিৰঙাত অনুষ্ঠিত হ’ব গজ মহোৎসৱ ৷ গজ মহোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰুপদী মুৰ্মুৱে

৬ এপ্ৰিলত কাজিৰঙাত উপস্থিত হৈ ৭ এপ্ৰিলত গজ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশ ল’ব ৰাষ্ট্ৰপতি গৰাকীয়ে ৷ ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজন কৰা গজ মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে কহঁৰা আৰু বাগৰিত চলি থকা প্ৰস্তুতিৰ বুজ লয় বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে বিত্ত মন্ত্ৰী অজন্তা নেওগে

এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰে যে প্ৰাক্তন ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডী, ৰামনাথ কোবিন্দৰ পাছত তৃতীয় গৰাকী ৰাষ্ট্ৰপতি আহিব কাজিৰঙালৈ ৷ ইয়াৰ পূৰ্বে লোক সভাৰ অধ্যক্ষকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি কাজিৰঙালৈ আহিছে ৷ তদুপৰি কাজিৰঙাত অনুষ্ঠিত চিন্তন বৈঠকত দুগৰাকী আধ্যাত্মিক নেতাও উপস্থিত আছিল ।

যাৰ পৰিপেক্ষিতত কাজিৰঙাৰ পৰ্যটনে অধিক প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমনৰ সন্দৰ্ভত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰকাশ কৰে যে ৰাষ্ট্ৰপতি গৰাকীয়ে গজ মহোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে অসমৰ থলুৱা সংস্কৃতিৰ কাৰ্যসূচী উপভোগ কৰিব ৷ ইয়াৰোপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে ৷আনহাতে বাগৰি বনাঞ্চল এলেকাত হস্তী বিষয়ক এখন প্ৰদৰ্শনীৰো আয়োজন কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷