অভিযুক্ত প্ৰণতি বৰা
অভিযুক্ত প্ৰণতি বৰা 
গোলাঘাট

সুৰা ছিণ্ডিকেটৰ মূল অভিযুক্ত প্ৰণতি বৰাক অনা হৈছে বোকাজানৰ ন্যায়িক আদালতলৈ

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাজানঃ বোকাজানৰ দুখনকৈ থানা ক্ৰমে ডিলাই থানাৰ গোচৰ নং 38/2023 আৰু বৰপথাৰ থানাৰ 17/2023 আৰু 19/2023 নম্বৰৰ গোচৰত দেওবাৰে নিশা আটক কৰা হৈছিল সুৰা ছিণ্ডিকেট মাষ্টাৰ মাইণ্ড প্ৰণতি বৰাক।

মঙলবাৰে অৰুণাচলী সুৰা ছিণ্ডিকেটৰ মূল অভিযুক্ত প্ৰণতি বৰাক অনা হৈছে বোকাজানৰ ন্যায়িক আদালতলৈ ।

৩০ মাৰ্চত ডিলাই আৰু বৰপথাৰ আৰক্ষীয়ে জব্দ কৰিছিল দুখনকৈ অবৈধ অৰুণাচলী সুৰাৰ ট্ৰাক। আৰক্ষীয়ে তদন্ত কৰি সদৰি কৰিছিল যে গুৱাহাটীৰ লখৰাৰ আন্ধ্ৰা পাৰ্কিংত লোড কৰা হৈছিল সুৰাসমূহ।

সুৰাৰ এই বৃহৎ ছিণ্ডিকেট চলাই সুৰা নিষিদ্ধ ৰাজ্য মণিপুৰলৈ অৰুণাচলী সৰবৰাহৰ অভিযোগ উত্তাপন হৈছিল প্ৰণতি বৰাৰ বিৰুদ্ধে ।

বোকাজানৰ ন্যায়িক দণ্ডাধীশৰ আদালতৰ পাছতে ডিফুৰ আৰক্ষীৰ জিম্মালৈ নিয়া হ'ব প্ৰণতি বৰাক।

বোকাজানৰ ন্যায়িক দণ্ডাধীশৰ আদালত