গোলাঘাট

মেৰাপানীত নগাৰ আগ্ৰাসন অব্যাহত...

Asomiya Pratidin

ডিজিটেল সংবাদ,মেৰাপানীঃ মেৰাপানীৰ ওপৰ তৰানি গাঁৱত আগ্ৰাসন চলাইছে নগাৰ এটা বৃহৎ বাহিনীয়ে। অসমীয়া পৰিয়ালৰ ভোগদখলত থকা বৃহৎ ভূমিখণ্ডত নগাই এফালৰ পৰা কাটি তহিলং কৰিছে বহু মূল্যবান গছ গছনি।

শুক্ৰবাৰে পুৱাই প্ৰায় দুই শতাধিক নগাই অঞ্চলটোৰ জিতেন চুতীয়া, কৃষ্ণ গগৈ আৰু ভূৱন শইকীয়াৰ বাৰিত অনাধিকাৰ প্ৰৱেশ কৰি এফালৰ পৰা গছ-গছনি কাটিবলৈ ধৰে। উল্লেখযোগ্য যে, বিগত এটা বছৰ ধৰি উক্ত ভূমিখণ্ডত নগাই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে আগ্ৰাসনৰ চেষ্টা চলাই আহিছিল।

আজি নগাৰ দলটো সেই স্থানত উপস্থিত হোৱাৰ লগে লগে আতংকিত হৈ পৰে অসমীয়া লোকসকল। প্ৰায় ৫বিঘা ভূমিত গছ-গছনি কাটি তহিলং কৰাৰ সময়তে চিআৰপিএফৰ দল ঘটনাস্থলীত উপস্থিত হোৱাত দলটো আঁতৰি যায়।