গোলাঘাট

অগপৰ প্ৰতি অসমৰ ৰাইজৰ মৰম আছে : সভাপতি অতুল বৰা

Asomiya Pratidin

ডিজিটেল সংবাদ,মেৰাপানী : অগপ দলৰ উন্নতি বিচাৰি গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হয় অগপ দলৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা। দেওবাৰে সপৰিয়ালে নামঘৰত উপস্থিত হৈ পৰিয়ালৰ লগতে দলটোৰ হৈ শৰাই নৈবদ্য আগবঢ়োৱাৰ লগতে নিশালৈ আগবঢ়াইছে এভাগী ভাওনা।

আঠখেলীয়া নামঘৰৰ প্ৰাঙ্গন উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কয় যে, অগপ দল হৈছে অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল। অগপ লৈ অসমৰ ৰাইজৰ মৰম আছে, খং-ক্ষোভো আছিল আৰু সেইকাৰণেই ক্ষমতাৰ পৰা বিতাড়িত কৰিছিল।

কংগ্ৰেছ দলৰ দীৰ্ঘদিনীয়া শাসনে বহুত তিতা-কেহা দিলে অসম ৰাইজক। বৰ্তমান আকৌ আঞ্চলিকতাবাদী দলটোৱে ঠন ধৰি উঠিছে। নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকল আকৰ্ষিত হৈছে অগপ দলৰ প্ৰতি । শীঘ্ৰেই কংগ্ৰেছৰ কেইবাজনো বিধায়ক অগপত যোগদান কৰাৰ স্পষ্ট ইংগিত দিয়ে মন্ত্ৰীগৰাকীয়ে।

ৰাজ‍্যৰ ১৪টা লোকসভা সমষ্টিতেই ক্ষীপ্ৰতাৰে দলৰ কাম কাজ চলাৰ লগতে সাংগঠনিক দিশতো ৰাইজৰ ব‍্যাপক সহাৰি লাভ কৰা বুলি অৱগত কৰে। অতুল বৰাই কয় যে, কেৱল অসমতেই নহয়,সমগ্ৰ দেশতেই কংগ্ৰেছৰ বিপৰ্য‍্যয় চলিছে। ৰাহুল গান্ধীৰ ন‍্যায় যাত্ৰাই বিপৰ্য‍্যয় মাতিলে কংগ্ৰেছলৈ। ইফালে নিশালৈ অনুষ্ঠিত হ'ব লগা ভাওনাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব বুলি অতুল বৰাই জানিবলৈ দিয়ে।