গোলাঘাট

ভুলুকিটিং চাহ বাগিচাত চুলাই মদৰ ঘাটি উচ্ছেদ

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত ভুলুকিটিং চাহ বাগিচাত বুধবাৰে কমাৰবন্ধা আৰক্ষীৰ এক খননকাৰ্য চলে। চাহ বাগিচাৰ ভিতৰৰ এটা বাসগৃহত চলে আৰক্ষীৰ এই খননকাৰ্য ৷

আৰক্ষীৰ এই খননকাৰ্য পুৰণি কীৰ্তিচিহ্ন বিচাৰি খনন নহয়। কমাৰবন্ধাৰ আৰক্ষীয়ে হাতত কোৰ লৈ বাসগৃহটোৰ প্ৰতিটো কোঠাতে খননকাৰ্য চলাইছে চুলাই মদৰ ঘাটি বিচাৰি ।

আজি দিনৰ ভাগত এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাওঁতে বিষাক্ত চুলাই মদৰ ঘাটি উদ্ধাৰ কৰে। আৰক্ষীৰ এই খননৰ সময়ত মাটিৰ তলত উদ্ধাৰ হয় মদ প্ৰস্তুত কৰিবলৈ গেলাই থোৱা কেইবাটাও বৃহৎ ড্ৰাম ৷

ইয়াৰ লগতে মাটিৰ তলত বিভিন্ন ঠাইত লুকুৱাই থোৱা কেইবাটাও বৃহৎ বৃহৎ ড্ৰামত চুলাই প্ৰস্তুত কৰিবলৈ গেলাই ৰখা প্ৰায় ১০০০ লিটাৰ গুৰৰ পাচ, বৃহৎ সংখ্যক চুলাই মদৰ লগতে চুলাই মদ প্ৰস্তুত কৰা সা-সামগ্ৰী ভাঙি চুৰমাৰ কৰে আৰক্ষীয়ে। আৰক্ষী অভিযানৰ উমান পাই সেই স্থানৰ পৰা পলায়ন কৰে চুলাই মদ প্ৰস্তুতকাৰী লোককেইজন। ভুলুকিটিংৰ বৃহৎ চুলাই ভাটিটো উৎখাত কৰাত স্থানীয় আৰক্ষীক প্ৰশংসা কৰিছে।