গোলাঘাট

গোলাঘাটত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ সংবাদমেল

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বলৱৎ কৰিবলৈ তৎপৰ হৈ পৰা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি পুনৰ বুধবাৰে সৰৱ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতি। আজি এই সন্দৰ্ভত গোলাঘাটত এখন সংবাদ মেল সম্বোধন কৰি সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় 'কা' ৰ দৰে স্পৰ্শকাতৰ আদালতৰ বিচাৰাধীন বিষয় এটাক গৃহ মন্ত্রী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্রী শান্তনু ঠাকুৰে এক সপ্তাহৰ ভিতৰত প্ৰতিখন ৰাজ্যতে কা বলবৎ হ'ব বুলি ঘোষণা কৰা কাৰ্যাই ন্যায়ালয়ক অৱমাননা কৰিছে ।

সংবাদমেলত কা' সন্দৰ্ভত কৃষক মুক্তিৰ স্থিতি স্পষ্ট কৰি তেওঁ আৰু কয় যে 'কা' আইনে অসমৰ ভাষা, সাহিত্য, সভ্যতা, সংস্কৃতি, মাটি, ভেটি, অৰ্থনীতি নিঃশেষ কৰাৰ লগতে চিৰ দিনৰ কাৰণে অসমলৈ বিদেশী নাগৰিকক ৰঙা দলিছা পাৰি দিয়া এক কলা অধ্যায়ৰ সূচনা কৰিব। যিখন আইনে অসম, অসমীয়াৰ ভৱিষ্যতলৈ অন্ধকাৰ কঢ়িয়াই আনিব , যিখন আইনে ভৱিষ্যতে অসমীয়াক অস্তিত্বৰ সংকটলৈ ঠেলি দিব তেনে আইনক অসমৰ ৰাইজে কেতিয়াও মানি নলয় বুলি উল্লেখ কৰি তেওঁ কয়- 'কা' বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত বহুকেইটা গোচৰ চলি থকাৰ কাৰণে ন্যায়ালয়ক সন্মান জনাই আমি কা বিৰোধী আন্দোলনক এতিয়াও জোৰদাৰ ৰূপ দিয়া নাই। কিন্তু যেতিয়া প্ৰয়োজন হ'ব এই জাতি বিৰোধী আইনৰ বিপক্ষে পুনৰ আমি সক্ৰিয় ৰূপত অৱৰ্তীণ হোৱাৰ লগতে ৰাইজৰ ঘৰে ঘৰে গৈ জনমত গঠন কৰিম । এই আইনৰ বিৰোধিতাৰে পাঁচজনকৈ অসমীয়া যুৱকৰ তেজেৰে ৰাঙলী অসমৰ মাটিত কোনো কাৰণত 'কা' আইন বলবৎ হব নোৱাৰিব । আমি অসমীয়াই ২০১৯ চনৰ পৰা 'কেব'( পৰৱৰ্তী সময়ত কা) ৰ বিৰুদ্ধে সৰ্বশক্তি প্ৰয়োগ কৰি যুঁজ কৰি আহিছো ।

শেহতীয়াকৈ 'কা' ৰ বিৰুদ্ধে আন্দোলন কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰা দীপংক কুমাৰ নাথ আৰু প্ৰকাশ দাসে আছু ত্যাগ কৰি সেই বিজেপিৰে গুণ গৰিমা গাই যোগদান কৰা কাৰ্যক নিন্দনীয় বুলি আখ্যা দিয়াৰ লগতে দুয়োজনকে জাতীয় গাদ্দাৰ বুলি মন্তব্য কৰে। সংবাদ মেলত কৃষক মুক্তি সংগ্ৰাম কৃষক নেতা জনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছয় জনকৈ নেতা কৰ্মীয়ে আন্দোলন কৰি জেললৈ হাঁহি মুখে যোৱা কাৰ্যত সংগঠনটোৰ আপোচবিহীন চৰিত্ৰৰ প্ৰকাশপাইছে বুলি উল্লেখ কৰি তেওঁলোকক বীৰ যোদ্ধা বুলি অভিহিত কৰে।