খালিস্থানী পতাকা দাহ
খালিস্থানী পতাকা দাহ  
গোলাঘাট

গোলাঘাটত খালিস্থানী পতাকা দাহ...

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ মঙলবাৰে গোলাঘাটত খালিস্থানী উগ্ৰপন্থীৰ বিৰুদ্ধে সৰৱ হৈ পৰে হিন্দু যুৱ পৰিষদ, অসমৰ গোলাঘাট জিলা সমিতি । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খালিস্থানী উগ্ৰপন্থীয়ে ভাবুকি দিয়াৰ প্ৰতিবাদত পৰিষদৰ শতাধিক সদস্যই গোলাঘাট চহৰত খালিস্থানী পতাকা দাহ কৰে ।

খালিস্থানীৰ বিৰুদ্ধে প্ৰতিবাদ

লগতে অসমত বিভ্ৰান্তিকৰ পৰিবেশৰ সৃষ্টি নকৰিবলৈ সকিয়াই প্ৰদান কৰে। প্ৰতিবাদকাৰী সকলে নানান খালিস্থান বিৰুধী ধ্বনি দি এনেবোৰ অপশক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় ।

উল্লেখ্য যে খালিস্তানী বহুকেইজন সদস্যক অসমৰ ডিব্ৰুগড়ত ৰখা হৈছে । অসমৰ কাৰগাৰত সৰ্তীৰ্থক অত্যাচাৰৰ অভিযোগ তুলি শেহতীয়াকৈ খালিস্তানী সদস্যই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শেহতীয়াকৈ ভাবুকি প্ৰদান কৰিছে ।