গোলাঘাট

অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙাঃ সাজু বিভিন্ন ক্ষুদ্ৰ উদ্যোগ..

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ অক্টোবৰ মাহত দেশ বিদেশৰ পৰ্যটকৰ বাবে মুকলি হ'ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ প্ৰতিজন পৰ্যটন উদ্যোগীয়ে এতিয়া প্ৰস্তুতি চলাইছে পৰ্যটন বৰ্ষক আদৰিবলৈ৷ জীপ,হাতী ছাফাৰীৰ সমান্তৰালকৈ সাজু কৰা হৈছে কাজিৰঙাৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানসমূহ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে হস্তশিল্পৰ এক বৃহৎ পৰ্যটন উদ্যোগ। কাজিৰঙাত গঁড় হাতীৰ বিক্ৰীৰে স্বাৱলম্বী হৈছে কেইবাটাও পৰিয়াল ৷ শিল্পীৰ হাতৰ পৰশত সুন্দৰকৈ প্ৰাণ পাই উঠিছে হস্তনিৰ্মিত কাজিৰঙাৰ জীৱকুলৰ প্ৰতিকৃতি৷

জীপ ছাফাৰী,হাতী ছাফাৰী,পৰ্যটন নিৱাসৰ লগতে কাজিৰঙাত গঢ় লৈ উঠিছে কুটিৰ শিল্প। যাৰ জৰিয়তে বহু নিবনুৱা যুৱকে স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে৷ কাজিৰঙালৈ অহা পৰ্যটকে প্ৰতিকি হিচাপে লৈ যাৱ পৰাকৈ ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতিটো জীৱকুলেই উপলব্ধ৷ ইয়াৰ পৰাই পৃথিৱীৰ বিভিন্ন দেশলৈ পৰ্যটকে লৈ যায় গঁড়, হাতী ইত্যাদি জীৱকুলসমূহৰ প্ৰতিকৃতি৷

কাজিৰঙাৰ কহঁৰাত ১২ বছৰ ধৰি কুটিৰ শিল্পটোৰ সৈতে জড়িত হৈ মাহে ৭০-৮০ হাজাৰ টকা উপাৰ্জন কৰাৰ লগতে সংস্থাপিত হৈছে বহুকেইটা পৰিয়াল ৷ কৰজিৰঙালৈ অহা পৰ্যটকৰ উপৰি এজেঞ্চি বা অনুষ্ঠান প্ৰতিষ্ঠানে ক্ৰয় কৰা সামগ্ৰীসমূহৰ ভিতৰত অন্যতম অসম গৌৰৱ এশিঙীয়া গঁড়।