/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3c97b124-0fec-4f80-9fe1-e04064e3a620/khumtai.jpg)
ডিজিটেল সংবাদ,দেৰগাঁও : গোলাঘাট জিলাৰ দেৰগাঁৱৰ খুমটাই সমষ্টিৰ ব্ৰহ্মপুত্ৰ নৈৰ দাঁতিকাষৰীয়া অঞ্চলৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বানৰ কবলত পৰিছে। বানৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে নদী কাষৰীয়া অঞ্চল কেইটাত গেলাবিল নদীৰ জলপৃষ্ঠ তীব্ৰ গতিত বাঢ়ি আহিছে।
তেনে পৰিস্থিতিত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উপকণ্ঠ অঞ্চলসমূহত ভয়াৱহৰূপ ধাৰণ কৰিছে । ধাৰাসাৰ বৰষুণৰ মাজতে নীপকোৱে পানী এৰি দিয়াৰ ফলশ্ৰুতিত সম্প্ৰতি খুমটাই সমষ্টিৰ কেইবাখনো গাঁও জলমগ্ন।
বিশেষকৈ সমষ্টিটোৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ওভোতা চাপৰি, বালিদোৱাৰ লগতে জৰাগুৰি অঞ্চলৰ শ শ লোক বানত আক্ৰান্ত হোৱাৰ লগতে গাওঁকেইখনৰ কেইবাশ হেক্টৰ কৃষি ভূমি সম্প্ৰতি পানীৰ তলত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/33195da1-74d7-4ba5-a581-2117391ff1b6/73b036e7_59b9_496a_9b37_70fbf661f78e.jpg)
গাঁৱৰ কৃষক ৰাইজে কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা আগতীয়া ধানখেতি জলমগ্ন কৰি অনিষ্ট সাধন কৰিছে। অতি কষ্টৰে গাঁঠিৰ ধন ভাঙি খেতি কৰা কৃষি ভূমিসমূহ পানীত ডুব যোৱাৰ বাবে দৰিদ্ৰ কৃষক সকলৰ মাজত হাহাকাৰ লাগিছে।
মূলতঃ খেতিৰ ওপৰত নিৰ্ভশীল এইসকল দৰিদ্ৰ কৃষকৰ কৃষি ভূমিসমূহ শেহতীয়াকৈ অহা বানে এনেদৰে নষ্ট কৰি পেলোৱাত তেওঁলোকৰ জীৱন সংগ্ৰাম স্তব্ধ হৈ পৰিছে।চৰকাৰে যদি আৰ্থিকভাৱে সহায় নকৰে তেন্তে কেৱল পথাৰলৈ চাই চকুলো টোকাৰ বাহিৰে বিকল্প ব্যৱস্থা নাই বুলি প্ৰকাশ কৰে।
Also Read: কামপুৰ-কঠীয়াতলী পথত প্ৰকাণ্ড গাঁত