গোলাঘাট

কাজিৰঙাত চলিছে পাহাৰ ধ্বংসৰ প্ৰতিযোগিতা...

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত চলিছে পাহাৰ ধ্বংসৰ অবাধ প্ৰতিযোগিতা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰত নিৰ্মমভাৱে চলিছে জেচিবি,ফকলেণ্ডৰ হাতোৰা।

ফলত ক্ৰমাৎ নিশেষ হোৱাৰ পথত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজীৱৰ বাবে প্ৰাকৃতিক হাইলেণ্ডৰ ভূমিকা পালন কৰা কাৰ্বি পাহাৰ । শেহতীয়াকৈ কাজিৰঙাৰ বগৰীজুৰি অঞ্চলৰ পাহাৰত অবাধে চলিছে পাহাৰ খনন।

উল্লেখ্যে যে ২০১৯ চনৰ ১২ এপ্ৰিলৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কাৰ্বি পাহাৰত সকলো ধৰণৰ খননত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। কিন্তু তৎসত্বেও একাংশ অসাধু ব্যৱসায়ীয়ে কেৱলমাত্ৰ ধনৰ লালসাত পাহাৰ খনন অব্যাহত ৰাখিছে।

পাহাৰ খনন কৰি ইতিমধ্যে সেউজীয়া পাহৰৰ বুকুত সজা হৈছে বহু ৰিজৰ্ট, লজ' । মন কৰিবলগীয়া যে এই সকলোবোৰ চলিছে কাৰ্বি আংলঙৰ বন বিভাগৰ চকুৰ সমুখতেই ।

তাৰ পিছতো চকু মুদা কুলিৰ ভাৱত বন বিভাগৰ বিষয়া কৰ্মচাৰী । অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিক সমিতিৰ অভিযোগ অনুসৰি বন বিভাগক মেনেজ কৰি কাৰ্বি আংলঙৰ ব্যৱসায়ীৰ সৈতে পাহাৰ খনন চলাই গৈছে একাংশ অসাধু ব্যৱসায়ীয়ে ।

উল্লেখ্যে যে কাজিৰঙাৰ বন্যজীৱৰ অন্যতম আশ্ৰয়স্থলী এই কাৰ্বি পাহাৰত অবাধে চলা বন ধ্বংস ৰোধ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে এজেৱাইচিপিয়ে । অন্যথা অদূৰ ভবিষ্যতে কাজিৰঙাৰ সংকট আসন্ন বুলি সংঘটনটোৰ নেতা কৰ্মীয়ে মন্তব্য প্ৰদান কৰিছে ।