মেৰাপানীত প্ৰৱল ধুমুহা-শিলাবৃষ্টি
মেৰাপানীত প্ৰৱল ধুমুহা-শিলাবৃষ্টি 
গোলাঘাট

মেৰাপানীত প্ৰৱল ধুমুহা-শিলাবৃষ্টিৰ ফলত হাঁহাকাৰময় পৰিৱেশ, বিদ্যুৎ সংযোগ বিচ্ছিন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰকৃতিৰ তাণ্ডৱ লীলা ।

মঙলবাৰে বিয়লি প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ কবলত পৰে মেৰাপানী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল ।

আজি আবেলিৰ ভাগত অহা ধুমুহা শিলাবৃষ্টিৰ ফলত অঞ্চলটোৰ বিস্ত ক্ষতি সাধন হৈছে । মেৰাপানী টাউন,ৰামপুৰ,ইছলামপুৰ,নাৰায়ণপুৰ,গমাৰি আদি ঠাই সমূহত বহু বাসগৃহৰ ক্ষয়-ক্ষতি হয় । লগতে অঞ্চলবাসীয়ে কৰা শাক পাচলিৰো অনিষ্ট সাধন হৈছে ।

গোলাঘাট মেৰাপানীৰ মুল পথটোত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা । ধুমুহাৰ ফলত অনিৰ্দিষ্ট কাললৈ ব্যাহত হৈ পৰিছে বিদ্যুত সেৱা ।

প্ৰৱল ধুমুহা-শিলাবৃষ্টি