গোলাঘাট

পৰাগ কুমাৰ দাসলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন গোলাঘাট মিডিয়া ফ'ৰামৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট : বিশিষ্ট সাংবাদিক তথা মানৱাধিকাৰ কৰ্মী প্ৰয়াত পৰাগ দাসৰ প্ৰতি আজি গোলাঘাটত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।‌ এই উপলক্ষে আজি গোলাঘাট মিডিয়া ফ'ৰামৰ উদ্যোগত গোলাঘাটৰ গুণাভিৰাম দাস উদ্যানত থকা পৰাগ দাসৰ আবক্ষ মূৰ্ত্তিৰ কাষত এখনি শ্ৰদ্ধাঞ্জলি সভা অনুষ্ঠিত হয়।

মেডিয়া ফ'ৰামৰ সম্পাদক দিগন্ত বৰাই আতঁ ধৰা এই সভাত বিভিন্ন জনে নিৰ্ভীক সাংবাদিক গৰাকীৰ জীৱন আৰু কৰ্মৰাজি আলোকপাত কৰাৰ লগতে তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কেইবাজনো বক্তাই পৰাগ দাসৰ হত্যাৰ ২৭ বছৰ অতিক্ৰম কৰাৰ পাছতো হত্যাকাৰীয়ে শাস্তি নোপোৱা বিষয়টো উল্লেখ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।