গোলাঘাট

জীৱন সঞ্জীৱনী NGOৰ উদ্যোগত বিনামূলীয়া চকু পৰীক্ষণ শিবিৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট : দেওবাৰে গোলাঘাট জিলাৰ শালমাৰা চাহ বাগিচা চিকিৎসালয়ত জীৱন সঞ্জীৱনী স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আৰু যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ সহযোগত এক বিনামূলীয়া চকু পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হয়। চকুৰ দৃষ্টিশক্তি কম হোৱা আৰু চকুত ছানিপৰা ৰোগত ভুগি থকা লোকসকলৰ চকু পৰীক্ষা কৰি উপযুক্ত বিনামূলীয়া চিকিৎসা প্ৰদানৰ উদ্দেশ্যে এই পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে।

অনুষ্ঠানত গোলাঘাটৰ অৱসৰপ্ৰাপ্ত বিশিষ্ট চিকিৎসক তথা জীৱন সঞ্জীৱনী স্বেচ্ছাসেৱী সংগঠনৰ মুখ্য উপদেষ্টা অনন্ত বৰুৱা, শালমৰা চাহ বাগিচাৰ সহকাৰী পৰিচালকদ্বয় প্ৰমোদ পাঠক, কমলেশ ডুবে, উপ-পৰিচালক সঞ্জীৱ বৰা, শালমৰা চাহ বাগিছাৰ চিকিৎসা বিষয়া পূজা কুৰ্মী, বাগিছাখনৰ সমাজ কল্যাণ বিষয়া হৰি টেলেঙা, জীৱন সঞ্জীৱনীস্বেচ্ছাসেৱী সংগঠনৰ সভাপতি বিতোপন গোস্বামী, মুখ্য সম্পাদক ৰাণা বৰঠাকুৰ, উপ-সভাপতি নয়নজ্যোতি শৰ্মা, সম্পাদক প্ৰাণজিৎ শৰ্মা, সহ সম্পাদক তৰামাই বিশ্বকৰ্মা, কাৰ্যকৰী সদস্য অমৰ‌ ৰাজগুৰু, স্মৃতিৰেখা দেৱী, যোৰহাট লায়ন্স ক্লাৱৰ মুখ্য সমন্বয়ক অমৰজ্যোতি বৰঠাকুৰ, অপ্টিম'ল'জিষ্ট প্ৰাংকু চাকমা আৰু চিকিৎসাকৰ্মীসকলৰ উপস্থিতিত এই চকু পৰীক্ষণ শিবিৰ মুকলি কৰে শালমাৰা চাহ বাগিচাৰ পৰিচালক গিৰধাৰী লাল শৰ্মাই।

এই চকু পৰীক্ষা শিবিৰত বাগিছা অঞ্চলৰ উপৰিও বহু কেইটা অঞ্চলৰ প্ৰায় তিনি শতাধিক লোকে চকু পৰীক্ষাৰ বাবে নাম পঞ্জীয়ন কৰাই চিকিৎসা সেৱা গ্ৰহণ কৰে । চকুত চানি পৰা ৰোগত ভুগি থকা পঞ্জীয়নভুক্ত লোকসকলৰ চকুৰ পৰীক্ষাৰ অন্তত তেওঁলোকৰ চকুৰ চিকিৎসাৰ ব্যৱস্থা যোৰহাট লায়ন্স ক্লাবে গ্ৰহণ কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।