গোলাঘাট

মানুহক আক্ৰমণ কৰাৰ ক্ৰোধত বনৰজাক হত্যা বৰপথাৰৰ টেঙানী বাসীৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত বাঘৰ আক্ৰমণত এগৰাকী গৰ্ভৱতী মহিলাকে ধৰি তিনিজন লোক গুৰুতৰ ভাৱে আহত হয়। আনহাতে গাওঁখনৰ তিনিগৰাকীকৈ লোকক আহত কৰা বাঘটোক পৰৰ্ৱতী পৰ্যায়ত ক্ৰোধাম্বিত গাঁওবাসীয়ে হানি খুছি হত্যা কৰি গাঁতত পুতি ৰাখে ৷

ঘটনাৰ বিৱৰণ অনুসৰি, ধনশিৰি মহকুমাৰ বৰপথাৰৰ টেঙানী ১ নং কেকুৰী গাঁৱত এগৰাকী গৰ্ভৱতী মহিলাই পুৱা বেলা পথাৰত গৰু বান্ধিবলৈ যোৱাৰ সময়তে হঠাৎ এটা বাঘে মহিলা গৰাকীক আক্ৰমণ কৰে। ঠিক তেনে সময়তে ওচৰৰ বাগিচাত কাম কৰি থকা মহিলা গৰাকীৰ দেউৰেকে বচাবলৈ চেষ্টা কৰোঁতে নাহৰফুটুকী বাঘটোৱে তেওঁকো আক্ৰমণ কৰে । ইয়াৰ পাছতে বাঘটোয়ে আক্ৰমণ কৰে চাহ বাগিচাত কাম কৰি থকা আন এজন লোকক।

উক্ত ঘটনা সংঘটিত হোৱাৰ পাছত স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত তিনিজনক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। আহত হোৱা লোক কেইজন ক্ৰমে পিঙ্কি শইকীয়া, মাইনা শইকীয়া আৰু যোগেন শইকীয়া। ইয়াৰে যোগেন শইকীয়া নামৰ লোকজন অধিক সংকটজনক বুলি জানিব পৰা গৈছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হয়।

আনহাতে পৰৱৰ্তী পৰ্যায়ত ক্ৰোধাম্বিত গাঁওবাসীয়ে তিনিজনকৈ লোকক আক্ৰমণ কৰা নাহৰফুটুকী বাঘটোক হানি খুচি হত্যা কৰি গাঁত খান্দি পুতি থয় । ইপিনে বাঘটোক হত্যা কৰাৰ বহু সময়ৰ পিছত বন বিভাগৰ লোকে খবৰ পাই ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীত উপস্থিতহৈ বন বিভাগ আৰু আৰক্ষীয়ে গাঁতৰ পৰা বাঘটোক উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।