গোলাঘাট

ৰেষ্টুৰেন্টত খাদ্য খোৱাৰ পাছতেই মহিলাৰ মৃত্যু, চিকিৎসাধীন ৩ গৰাকী

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট: লক্ষীমপুৰৰ এখন ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰি গোলাঘাটৰ নিজা ঘৰলৈ ঘূৰি অহাৰ পাছত এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লাৱন্য শইকীয়া আৰু তেওঁৰ সম্পৰ্কীয় এগৰাকী মহিলাসহ দেওবাৰে লক্ষীমপুৰ নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰ লৈ গৈছিল। কলাক্ষেত্ৰৰ ওলাই আহি সেই স্থানৰে এখন হোটেলত গাৰ্লিক ব্ৰেডৰ চেন্দুইচ খাইছিল। গোলাঘাটৰ দুগৰাকী আৰু লক্ষীমপুৰৰ দুগৰাকী মুঠ চাৰিগৰাকীয়ে উক্ত চেন্দুইচ খাইছিল।

সেই খাদ্য খোৱাৰ পিছৰে পৰা চাৰিওগৰাকী অসুস্থ হৈছিল । গোলাঘাটৰ দুয়োগৰাকী মহিলা গোলাঘাট পোৱাৰ লগে লগেই গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰে লাৱন্য শইকীয়াৰ অৱস্থা বেয়াৰ ফাললৈ যোৱাত যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হয় যদিও যোৱা নিশাই চিকিৎসাৰত অৱস্থাতেই মৃত্যু মুখত পৰে।

ইফালে মৃত লাবন্য শইকীয়াৰ লগত একেলগে যোৱা গোলাঘাট পৌৰসভাৰ উপ পৌৰপতিৰ সীমান্ত বৰাৰ পত্নী বিনু বৰা বৰ্তমান গোলাঘাট চিকিৎসালয়ত আৰু আন দুগৰাকী মহিলা লক্ষীমপুৰত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।