গোলাঘাট

চিত্ৰশিল্পী অকু দাসৰ তুলিকাত জিলিকি উঠিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙা : বিভিন্ন সময়ত বিবিধ সামগ্ৰীৰে শিল্পী,ক্ৰীড়াবিদ,ৰাজনৈতিক নেতা তথা প্ৰভাৱশালী ব্যক্তিসকলৰ ছবি অংকিত কৰা হয়। শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে এইসকল লোকৰ ছবি। বিভিন্ন মাধ্যমত চৰ্চিত হয় এনে শিল্পীৰ প্ৰতিভা।

তেনে সময়তে বোকাখাতৰ চিত্ৰশিল্পী অকু দাসৰ তুলিকাত জিলিকি উঠিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ প্ৰতিচ্ছবি ৷ উকা কেনভাচত ৰং বুলাই হিমন্ত বিশ্ব শৰ্মাক অবিকল অংকণ কৰা অকু দাসে সোমবাৰে কাজিৰঙাৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হওতে নিজ হাতে মুখ্যমন্ত্ৰী ড০ শৰ্মাক প্ৰতিচ্ছবিটি প্ৰদান কৰে ৷ ইপিনে, হিমন্ত বিশ্ব শৰ্মাই নিজৰ অবিকল প্ৰতিচ্ছবি দেখা পাই আপ্লুত হৈ পৰে ৷ চিত্ৰশিল্পীগৰাকীৰ এনে প্ৰতিভাৰ প্ৰতি মুখ্যমন্ত্ৰী ড০ শৰ্মাই শলাগ লয়।