গোলাঘাট

চিলাপথাৰত গুৰুজনাৰ জন্মোৎসৱ উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ বিভিন্ন অঞ্চলৰ লগতে দেওবাৰে চিলাপথাৰতো উদযাপন কৰা হ'ল শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। চিলাপথাৰৰ কুলামুৱাস্থিত বৰনামঘৰত শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম জনজাতি সমাজ, চিলাপথাৰ আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত হ'ল এই গুৰু জন্মোৎসৱ।

গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে পুৱাৰে পৰা নামঘৰটোত দেখা গ'ল উখল মাখল পৰিৱেশ। অসংখ্য ভক্তৰ উপস্থিতিত নাম-প্ৰসংগ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে কুলামুৱা বৰনামঘৰ ।

দেওবাৰে পুৱা সমূহীয়া প্ৰাৰ্থনা আৰু ধৰ্মধ্বজ্জা উত্তোলনৰ পিছতে উলিওৱা হয় এক বিশাল ভাগৱত ভ্ৰমণ। জয় ধ্বনী আৰু হৰি নামৰে উখল-মাখল পৰিৱেশত উলিওৱা সমদলে বাৰুকৈ আকৰ্ষিত কৰে ভক্ত প্ৰাণ ৰাইজক।

গুৰুজনাৰ আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰ কৰাই নাম-ধৰ্ম জনজাতি সমাজৰ এক অন্যতম উদেশ্য বুলি সদৰি কৰে নাম-ধৰ্ম জনজাতি সমাজৰ পদাধিকাৰে।