গোলাঘাট

বৰুৱাবামুণ গাঁও প্ৰেছ ক্লাৱৰ অধিৱেশন : অসমীয়া প্ৰতিদিনৰ সাংবাদিক বিকাশ শৰ্মালৈ বঁটা

Asomiya Pratidin

ডিজিটেল সংবাদ,বৰুৱাবামুণ গাঁও : গোলাঘাট জিলাৰ বৰুৱাবামুণ গাঁও প্ৰেছ ক্লাৱৰ ৫ম দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। সেই উপলক্ষে ক্লাৱৰ সভাপতি অৰণ বিকাশ বৰুৱাৰ সভাপতিত্বত এখনি মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

মুকলি আৰু বটাঁ প্ৰদান অনুষ্ঠানত অজিত শৰ্মা স্মাৰক 'সংবাদ শিৰোমণি বঁটা' অসমীয়া প্ৰতিদিন কাকতৰ গোলাঘাটৰ সাংবাদিক বিকাশ শৰ্মাক প্ৰদান কৰা হয়। শৰ্মাৰ সুদীৰ্ঘ সাংবাদিক জীৱনত সংবাদ আৰু সাহিত্য তথা সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয় বুলি উল্লেখ কৰে।

গামোছা,চেলেং,জাপি,সম্বৰ্ধনা পত্ৰ আৰু নগদ ধন আদিৰে বিকাশ শৰ্মাক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি সাংবাদিক শৰ্মাই ভাষণত কয় যে, বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে সমৃদ্ধ তেওঁৰ সাংবাদিক জীৱন।

এই সম্পৰ্কে তেওঁ চমু আলোকপাত কৰি ৰাইজে তেওঁক দেখুওৱা মৰম স্নেহ পৰৱৰ্তী জীৱনৰ বাবে সঞ্জীৱনী সুধা হৈ ৰ'ব বুলি মন্তব্য প্ৰকাশ কৰে। কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা অনুষ্ঠানত বৃষ্টি মৌচম কাশ্যপে বৰগীত পৰিবেশন কৰে।

ইয়াৰ পাছতে সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড ক্ষীৰেশ্বৰ লয়িঙে বাতৰি কাকতৰ ইতিহাসৰ লগতে ভাৰত তথা অসমৰ সংবাদ জগতৰো এক চমু ইতিহাস দাঙি ধৰে।অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি তথা দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড পৰাগ ঠাকুৰে সভাত মুখ্য বক্তাৰ ভাষণ প্ৰদান কৰে।

তেওঁ সংবাদ তথা সাংবাদিকৰ সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা আগবঢ়াই সংবাদ ক্ষেত্ৰৰ দায়বদ্ধতাৰ দিশত বক্তব্য আগবঢ়োৱাৰ উপৰি শিক্ষানীতি-২০২০ ৰ ভিত্তিত শিক্ষক-শিক্ষাৰ্থী আৰু অভিভাৱকৰ দায়িত্বৰ বিষয়ে এক চমু পৰ্যালোচনা আগবঢ়ায়। এই অনুষ্ঠানত প্ৰবীন শিল্পী অজিত বৰাক শিল্পী বঁটা, আদৰ্শ কৃষক ছৈয়দুৰ ৰহমানক কৃষক বঁটা আৰু প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া প্ৰশিক্ষক মেৰাজউদ্দিন আহমেদক খেলুৱৈ বঁটা প্ৰদান কৰা হয়।

বৰুৱাবামুণ গাঁও প্ৰেছ ক্লাৱৰ সম্পাদকদ্বয় বিজয় হাজৰিকা আৰু অনিন্দ্য সুন্দৰ শৰ্মা ঠাকুৰে আঁত ধৰা সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অভিবৰ্ত্তন গোস্বামীয়ে সংবাদকৰ্মী দেৱজিৎ লাহনৰ সম্পাদনাত যোৰহাটৰ পৰা প্ৰকাশিতব্য পষেকীয়া বাতৰি কাকত "স্বাভিমান"ৰ প্ৰথম সংখ্যাটো উন্মোচন কৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাহিত্যিক তথা সমাজকৰ্মী নুৰুল চুলতানে এখন সমাজত সাংবাদিকসকলৰ অৱদানৰ দিশটোৰ বিষয়ে উল্লেখ কৰে।

দেৰগাঁও সাহিত্য সভাৰ সভাপতি অজিত দত্ত, সম্পাদক বিচিত্ৰ ভূষণ কলিতা, দেৰগাঁও সাংবাদিক সংস্থাৰ সম্পাদক ইন্দুভূষণ মহন্ত, বিশিষ্ট সমাজকৰ্মী প্ৰদীপ খাদৰীয়া, শিল্পী গিৰীশ মহন্ত, শিল্পী অজিত শৰ্মা স্মাৰক বটাঁৰ দাতা অৱনী বৰঠাকুৰ প্ৰমুখ্যে বৃহত্তৰ বৰুৱাবামুণ গাওঁ অঞ্চলৰ বহু গণ্যমাণ্য ব্যক্তি উপস্থিত থকা সভাখনত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, লেখক তথা শিল্পী শিৱ প্ৰসাদ শৰ্মা ঠাকুৰেও চমু বক্তব্য প্ৰদান কৰে।

উল্লেখ্য যে, সভা আৰম্ভ হোৱাৰ পূৰ্বে প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে ক্লাৱৰ সভাপতি অৰুণবিকাশ বৰুৱাই। গছপুলি ৰোপণ কৰে দেৰগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰশান্ত প্ৰদীপ হাজৰিকা আৰু সমাজকৰ্মী দিলোৱাৰ হুছেইনে।

স্মৃতিতৰ্পণ শুভাৰম্ভ কৰে কুৰালগুৰি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পুৰঞ্জয় গোস্বামীয়ে। প্ৰয়াত অজিত শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জ্যোতি কুমাৰী শৰ্মাই। আনহাতে অনুষ্ঠানটো সফল কৰি তোলা সংশ্লিষ্ট সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে বৰুৱাবামুণ গাওঁ প্ৰেছ ক্লাৱে।