গোলাঘাট

'বাগিচাই বাগিচাই কংগ্ৰেছ' : গৰঙা চাহ বাগিচাত সাংসদ গৌৰৱ গগৈ

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাট : খুমটাইত কংগ্ৰেছৰ 'বাগিছাই বাগিছাই কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বুধবাৰে খুমটাই সমষ্টিত সাংসদ গৌৰৱ গগৈসহ কংগ্ৰেছ দলৰ নেতা তথা প্ৰতিনিধিসকল উপস্থিত হয় ।

উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি খুমটাইৰ সমষ্টিৰ গৰঙা চাহ বাগিছাৰ শ্ৰমিকসকলৰ লগত কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে মত-বিনিময় কৰে ৷ বাগিছাৰ শ্ৰমিকসকলক বৰ্তমান চৰকাৰখনে কি ধৰণে প্ৰতাৰণা কৰিছে সেই বিষয়ে প্ৰতিনিধি দলটোৱে শ্ৰমিকসকলৰ লগত ভাৱ বিনিময় কৰে ৷

বাগিছাত উপস্থিত হৈ সাংসদ গৌৰৱ গগৈয়ে কয়- 'বৰ্তমান চৰকাৰখনৰ দিনত দামবৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰি পেলাইছে। যাৰবাবে এতিয়া ৰাইজ কংগ্ৰেছৰ লগতেই থাকিব' বুলি মন্তব্য প্ৰকাশ কৰে।

খুমটাই সমষ্টিৰ গৰঙা চাহ বাগিছাৰ শিৱ মন্দিৰত সেৱা লৈ কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে বাগিছাৰ শ্ৰমিকসকলৰ লগত মন বিনিময় কৰে ৷ কংগ্ৰেছৰ দলটোত গৌৰৱ গগৈৰ লগতে প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা,বিধায়ক ভাস্কৰ বৰুৱা,কংগ্ৰেছ ৰাজ্যিক উপ-সভাপতি ৰাণা গোস্বামীকে মুখ্য কৰি বহুকেইজন কংগ্ৰেছৰ নেতা উপস্থিত থাকে ৷