গোলাঘাট

বোকাখাতৰ ৪গৰাকী বিশিষ্ট ব্যক্তিক অসম সত্ৰ মহাসভাৰ বিশেষ সম্বৰ্ধনা আৰু বঁটা প্ৰদান

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙা : শতবৰ্ষ অতিক্ৰমেৰে অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জগতখনৰ প্ৰচাৰ আৰু প্ৰসাৰত নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই আহিছে অসম সত্ৰ মহাসভাই। অসমৰ অন্যতম পৌৰাণিক জাতীয় অনুষ্ঠান অসম সত্ৰ মহাসভাই যোৱা ১৯ নৱেম্বৰত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ'ত এক বিষেষ অনুষ্ঠানৰ আয়োজন কৰে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক ব্যক্তিক অংগবস্ত্ৰ,বিশেষ বঁটা আৰু মানপত্ৰ প্ৰদানেৰে বিশেষভাৱে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত বোকাখাতৰ শ্ৰীশ্ৰী কুৰুৱাবাহী সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰণৱ চন্দ্ৰ দেৱ গোস্বামী, অসম চৰকাৰৰ কৃতী শিক্ষকৰ বটাঁপ্ৰাপক বিনন্দ চন্দ্ৰ বৰুৱা, কৃতী শিক্ষক তথা সাংস্কৃতিক-কৰ্মী প্ৰশান্ত শৰ্মা আৰু প্ৰশাসনিক বিভাগৰ অৱসৰপ্ৰাপ্ত ব্যক্তি দেবানন্দ বড়াক উক্ত সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বঁটা প্ৰদানেৰে সন্মানিত কৰে। অসম সত্ৰ মহাসভাৰ এই আদৰণীয় পদক্ষেপৰ বাবে বোকাখতীয়া ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।