এবছুৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অধিৱেশনৰ লাইখুঁটা স্থাপন...
এবছুৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অধিৱেশনৰ লাইখুঁটা স্থাপন... 
গোলাঘাট

এবছুৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অধিৱেশনৰ লাইখুঁটা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ মেৰাপানীঃ মেৰাপানীৰ তেলীশালৰ হিৰিম্বা নগৰত অহা ২, ৩ আৰু ৪ ফেব্ৰুৱাৰীত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এবছুৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অধিৱেশন। ইয়াকে লৈ উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে অধিৱেশনস্থলীত।

এবছুৰ অধিৱেশনৰ লগত সংগতি ৰাখি ইতিমধ্যেই প্ৰস্তুতি তুংগত কৰি তুলিছে আয়োজকসকলে। বৃহস্পতিবাৰে এই অধিৱেশনৰ উপলক্ষে মাংঙ্গলিক পৰম্পৰাৰে লাইখুঁটা স্থাপনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰক্ষৰ লগতে এবছুৰ সভাপতি দ্বীপেন বড়ো। বড়োসকলৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে আৰম্ভ হোৱা কাৰ্যসূচীত এবছুৰ প্ৰতিনিধিবৰ্গ, বড়ো কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী, সদস্য উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগতে কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী স্থানীয় ৰাইজ উপস্থিত থাকে।

এই অধিৱেশনত মূলত অসমৰ জাতীয় সমস্যা, শিক্ষা, সামাজিক আৰু বড়োসকলৰ বিভিন্ন সমস্যাৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। ইফালে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীসহ অসম চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী।