অসম

বিভিন্ন দাবীত গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত সোমবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সমীপত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদকাৰী সকলে দিনৰ ২ বজালৈকে নিজ নিজ দায়িত্ব পালন কৰি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।‌ ।

প্ৰতিবাদ স্থলীত গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰসন্ন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত পৰিষদৰ কেন্দ্ৰীয় সাংগঠানিক সম্পাদক প্ৰবীণ গগৈ উপস্থিত থাকি প্ৰতিবাদী কাৰ্যসূচীৰ আঁত ধৰে । বিশেষকৈ নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰা,কৰ্মচাৰীৰ বকেয়া ধন আদায় দিযা,স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক ৰোগীৰ তত্বাৱধান ভাট্টা প্ৰদান কৰা,শিক্ষকৰ অৰ্জিত ছুটি ৩০ দিনলৈ বৃদ্ধি কৰা,একত্ৰিকৰণ কৰা বিদ্যালয় সমূহৰ নিম্ন স্নাতক পদসমূহ স্নাতক পদলৈ উন্নীত কৰা, ঠিকাভিত্তিক আৰু ফিক্সড-পেৰ কৰ্মচাৰীৰ দৰমহা নিয়মীয়াকৰণ কৰা, বিনামূলীয়া চিকিৎসা সেৱা আঁচনি প্ৰৱৰ্তন কৰা আদিৰ দাবীত কৰ্মচাৰীসকল সৰৱ হৈ পৰে ।

এই সন্দৰ্ভত গোলাঘাট জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । প্ৰতিবাদী সভাত গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা ৰূপজ্যোতি ফুকন,ঠিকাভিত্তিক শিক্ষক সন্থাৰ ধ্ৰুৱজ্যোতি শইকীয়া,এন,এম,অ',পি,এচ গোলাঘাট জিলাৰ সভাপতি হৰিহৰ বৰা,মধ্য ইংৰাজী শিক্ষক সন্থাৰ জিলা সম্পাদক দীপক গগৈ,কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সদস্য মদন গগৈ, জিলা সমিতিৰ উপ-সভাপতি অজিত শইকীয়া, গোলাঘাট জিলা হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক প্ৰাঞ্জল প্ৰদীপ শৰ্মা, আমোলা সংস্থাৰ ৰেখা শইকীয়া,দিগন্ত গগৈ আদিয়ে বক্তব্য আগবঢ়াই কৰ্মচাৰীসকলৰ দাবীসমূহ শীঘ্ৰেই পূৰণ কৰাৰ আহ্বান জনায় ।