অসম

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱানড' প্ৰতিযোগিতাত সোণৰ পদক লাভ গোলাঘাটৰ হিমাদ্ৰীৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় :আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱানড' প্ৰতিযোগিতাত পুনৰ জিলিকি উঠিছে গোলাঘাটৰ দৈগ্ৰোঙৰ পঞ্চমমান শ্ৰেণীৰ ছাত্ৰী হিমাদ্ৰী বৰা ৷ গোলাঘাট টাইকোৱানড’ এচ’চিয়েচনৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ পৰা প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিলে হিমাদ্ৰীয়ে। দিল্লীৰ টালকতোৰা ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা Grandmaster Lee Jeonghee Cup,Open Indian International Taekwondo Championship -2023ত হিমাদ্ৰী বৰাই চাব-জুনিয়ৰ ৩৭কেজি শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

দৈগ্ৰোংৰ ভাস্কৰ বৰা আৰু চুমি বৰাৰ দ্বিতীয়া কন্যা হিমাদ্ৰী বৰা ইতিমধ্যে নিজা বাসগৃহত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উষ্ম আদৰণি জনায়। ভাৰতৰ হৈ ৩৬গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত। বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত সোনৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱা হিমাদ্ৰীৰ সফলতাত গোলাঘাটৰ দৈগ্ৰোঙৰ ক্ৰিয়াপ্ৰেমী উৎফুল্লিত হৈ পৰিছে।