অসম

দুৰ্ভগীয়া : ৰুগীয়া মাতৃৰ সৈতে কিদৰে আছে প্ৰাঞ্জল...

Asomiya Pratidin

ডিজিটেল সংবাদ, গহপুৰ : গহপুৰৰ নিগমৰ এটা দুৰ্ভগীয়া পৰিয়াল। আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এই পৰিয়ালটোক। পৰিয়ালটোৰ মুঠ সদস্য তিনিজন। ঘৰৰ মুৰব্বী অনন্ত ভূঞাৰ এসপ্তাহ পূৰ্বে মৃত্যু হয়।

আনহাতে অনন্ত ভূঞাৰ পত্নী পুস্পা ভূঞা এগৰাকী কৰ্কট ৰোগী। ১৯ বছৰীয়া একমাত্ৰ পুত্ৰ প্ৰাঞ্জল ভূঞাই এতিয়া পৰিয়ালটোৰ সৰ্বেসৰ্বা। পিতৃৰ মৃত্যুৰ পিছত তেখেতৰ অন্তিম কাৰ্য পালনৰ বাবে এতিয়া প্ৰাঞ্জলৰ নাই টকা।

কোনো এজন চৰকাৰী বিষয়ববীয়াই আজিলৈকে খবৰ ল'বলৈ নহাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। পৰিয়ালটোক সহায় কৰিবলৈ ওলাই আহিছে গাঁৱখনৰ যুৱ সমাজ। পৰিয়াটোৰ লগতে গাওঁবাসীৰ চৰকাৰলৈ আহ্বান, কিবা এটা ব্যৱস্থা কৰক পৰিয়ালটোক।

তদুপৰি কোনো লোকে প্ৰাঞ্জলক সহায় কৰিব বিচাৰিলে ২০২৯০৫১৬০৬০ একাউণ্ট নম্বৰত আই এফ এচ চি- এফ আই এন অ'০০০০০০১ নম্বৰত প্ৰাঞ্জলৰ একাউণ্টত জৰিয়তে সহায় কৰিব পাৰিব। তদুপৰি প্ৰাঞ্জলৰ জি পে নম্বৰ ৬০০৩৫১৮১৩২তোও তেওঁক সহায় কৰিব পাৰিব।