মাংগলিক ধ্বনি আৰু আয়তীৰ উৰুলিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা

বিশেষ তেল গান্ধবিৰিঙা, গাঠিয়ন, মিঠি, পিৰিকা ফুলেৰে প্রস্তুত কৰা হ‌য়

author-image
Asomiya Pratidin
New Update
মাংগলিক ধ্বনি আৰু আয়তীৰ উৰুলিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা

ডিজিটেল সংবাদ, বটদ্ৰৱা : মাংগলিক ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা । মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি উৎযাপন কৰা হয় গন্ধোৎসৱ । গোবিন্দ গোসাঁইক (শ্ৰীকৃষ্ণৰ মূতিভাগ) গায়ন বায়ন আৰু আধ্যাত্মিক নীতি নিয়মেৰে ভক্তসবে অস্থায়ী ৰভাঘৰত বিঘিনি নাশক মন্ত্ৰ উচ্চাৰন কৰি গোসাঁইক স্থাপন কৰা হয়।

Advertisment

থলুৱা প্রাকৃতিক উপাদানেৰে প্ৰস্তুত কৰা এবিধ বিশেষ তেলেৰে নোওৱা হয়। গোন্ধ তেল বুলি প্রচলিত এই বিশেষ তেল গান্ধবিৰিঙা, গাঠিয়ন, মিঠি, পিৰিকা ফুলেৰে প্রস্তুত কৰা হ‌য়।

স্নান কাৰ্য সম্পাদনৰ পাছত গোসাঁইক নতু্ন বস্ত্র পিন্ধোৱা হয় আৰু গায়ন বায়নে ‘ৰাম ধেমালী’ ধ্বনিৰে মুখৰিত হৈ পৰে বটদ্ৰৱাৰ আকাশ বতাহ । ইফালে ফাকুৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্রান্তৰ হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ আগমন ঘটিছে গুৰুজনাৰ আৰ্শীষ ল'বলৈ।

Also Read: ধেমাজিত আত্মসহায়ক গোট আৰু এছ ইউ আই মহিলাসকলৰ মাজত আইন সজাগতা সভা ও লোন মেলা

sankardev