গোৱালপাৰা

ব্রহ্মপুত্রৰ বুকুত ডকাইতি : অস্ত্রধাৰী ডকাইতে লুটি নিলে প্ৰায় ১০ লাখ টকা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিলাসীপাৰাৰ শাইলধৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড।২০ জনীয়া এটা ডকাইতৰ দলে ব্যৱসায়ীৰ এটা দলক আক্ৰমণ কৰি লুটি নিলে প্ৰায় ১০ লাখ টকা।

জানিব পৰা মতে, বজাৰৰ পৰা ব্রহ্মপুত্র নদীৰে নাৱেৰে উভতি গৈ আছিল ব্যৱসায়ী দলটো আৰু সেই সময়তে নদীৰ মাজতে অস্ত্রধাৰী ডকাইতৰ দলটোৱে আক্রমণ কৰে ব্যৱসায়ীৰ দলটোক। এই আক্ৰমণৰ ফলত ৬জনকৈ ব্যৱসায়ী আঘাতপ্ৰাপ্ত হয়।

উল্লেখ্য যে, স্থানীয় ৰাইজৰ তৎপৰতাত পলায়নৰ চেষ্টা কৰা ২জন ডকাইটক কৰায়ত্ত কৰা হয়। কৰায়ত্ত হোৱা ধৃত ডকাইত ২জন ছাদ্দাম হুছেইন আৰু ছাহজামাল বুলি জানিব পৰা গৈছে।

আহত ব্যৱসায়ীসকলক ইতিমধ্যেই বিলাসীপাৰাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।