সাংবাদিক চৈয়দ ৰবিউল হকলৈ এন এফ আইৰ মিডিয়া ফেল’শ্বিপ...
সাংবাদিক চৈয়দ ৰবিউল হকলৈ এন এফ আইৰ মিডিয়া ফেল’শ্বিপ... 
গোৱালপাৰা

সাংবাদিক চৈয়দ ৰবিউল হকলৈ এন এফ আইৰ মিডিয়া ফেল’শ্বিপ...

Asomiya Pratidin

ডিজিটেল সংবাদ গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ সাংবাদিক চৈয়দ ৰবিউল হকলৈ নেচনেল ফাউণ্ডেচন ফৰ ইণ্ডিয়া (এন আই এফ)ই মিডিয়া ফেল’শ্বিপ আগবঢ়াইছে। শিশুৰ পুষ্টি বিয়ষবস্তুৰ ওপৰত তেঁওলৈ উক্ত ফেল’শ্বিপ আগবঢ়োৱা হৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও সাংবাদিকগৰাকীয়ে ২০১৪ চনত নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু এজেন্সি ফৰ টেকনিকেল কো-অপাৰেচন এণ্ড ডেভেলপমেণ্ট চমুকৈ এ আই টি ই ডিৰ পৰা তিনি বছৰীয়া সাংবাদিকতা ফেল’শ্বিপ লাভ কৰিছিল।আনকি ২০১৮ চনত পুষ্টিহীনতা দূৰীকৰণ, শিশুৰ অধিকাৰ, সুস্থ মাতৃ সন্দৰ্ভত বাতৰি কাকতত প্ৰতিবেদন প্ৰকাশৰ জৰিয়তে সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াসৰ বাবে ইউনিছেফ, অসমে সাংবাদিক চৈয়দ ৰবিউল হকলৈ ‘উৎকৃষ্ট সাংবাদিক মিডিয়া ফেল’শ্বিপ ২০১৮’ আগবঢ়াইছিল।

২০২২ বৰ্ষতো অসমৰ শিশু (৫-২৩ মাহ)আৰু কিশোৰ-কিশোৰীক পুষ্টিহীনতাই প্ৰভাৱিত কৰিছে শীৰ্ষক বিষয়বস্তু ওপৰত সাংবাদিক হকে ইউনিছেফ, অসম আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা মিডিয়া ফেলশ্বিপ লাভ কৰিছিল। সাংবাদিক হকে ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ-কৰ্মশালাত আমন্ত্ৰণৰ্মমে পুষ্টিহীনতা আৰু শিশুৰ ওপৰত হোৱা হিংসা সন্দৰ্ভত কেইবাখনো গৱেষণা পত্ৰ পাঠ কৰিছে।

জানিব পৰামতে এইবেলি এন এফ আইয়ে বিভিন্ন বিষয়ৰ ওপৰত অসমৰ ১৪ গৰাকী স্বতন্ত্ৰ সাংবাদিকক এই ফেলশ্বিপ আগবঢ়াইছে। ফেল’শ্বিপ লাভ কৰা বাকী ১৩ গৰাকী সাংবাদিক হ’ল ক্ৰমে- অংকুৰজ্যোতি শৰ্মা, অৰিন্দম বুঢ়াগোহাঁই, বন্যা বৰুৱা, চন্দন শৰ্মা, দিগন্ত শৰ্মা, হিৰন্ময় মৰাণ, মহেশ ডেকা, মনোৰম গগৈ, মুবিনা আখতাৰ, নিভা ৰাণী ৰয়, পূজা নিৰলা, শৈলেন কাকতি আৰু ত্ৰিদিব নীলিম দত্ত।

চৈয়দ ৰবিউল হক অসমীয়া প্ৰতিদিনৰ কৃষ্ণাইৰ সাংবাদিক। সাংবাদিক হকৰ এই সাফল্যত জিলাখনৰ বিভিন্ন দল-সংগঠনকে ধৰি সংস্থা-ব্যক্তিয়ে শুভেচ্ছা জনাইছে।গোৱালপাৰা জিলা বাৰ্তাজীৱী সংঘইও শুভেচ্ছা জনাইছে সাংবাদিক ৰবিউল হকক।