গোৱালপাৰা

ৰাসায়নিক সাৰৰ অনুজ্ঞাপত্র বিচাৰিছে নেকি? আপোনালৈ আছে ভাল খবৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, গোৱালপাৰা : আপুনি যদি ৰাসায়নিক সাৰৰ অনুজ্ঞাপত্র বিচাৰিছে, তেন্তে আপোনালৈ আছে ভাল খবৰ । অনুজ্ঞাপত্র বিচৰা সকলৰ পৰা আবেদন বিচাৰি বিশেষ গোহাৰি প্ৰকাশ কৰিছে গোৱালপাৰাৰ বিভাগীয় কৰ্তৃপক্ষই। ২৭ এপ্ৰিল ২০২৩ত প্ৰকাশ পোৱা এক জাননী এই কথা প্ৰকাশ কৰা হয়।

গোৱালপাৰা জিলাৰ সমূহ এফ পি চি, এফ পি অ, পথাৰ পৰিচালনা সমিতি, সমবায় সমিতি, ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, বৃহৎ চাহ বাগিছা আৰু চাহ সন্থা সমূহক উদ্দেশ্যি জাননীত জনোৱা যায় যে, খেতিত প্ৰয়োজনীয় ৰাসায়নিক সাৰ পোৱাৰ বাবে খুচুৰা সাৰ বিক্রেতাৰ অনুজ্ঞাপত্র পাবলৈ প্রপত্রৰ জৰিয়তে আবেদন কৰিব লাগিব ।

গতিকে ইচ্ছুক সন্থা সমূহক জিলা কৃষি বিষয়া, গোৱালপাৰা আৰু গোৱালপাৰা জিলাৰ নিয়ন্ত্ৰিত বজাৰ সমিতিৰ লগত যোগাযোগ কৰি প্ৰয়োজনীয় প্রপত্র সংগ্ৰহ কৰি অনুজ্ঞাপত্রৰ বাবে আবেদন কৰিবলৈ উক্ত জাননীক যোগেদি আহ্বান জনোৱা হয়।