গোৱালপাৰা

জোনালী নাথৰ হত্যাৰ অভিযোগত আন এজনক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জোনালী নাথৰ হত্যাৰ অভিযোগত পুনৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । শনিবাৰে অভিযুক্ত আজিবৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে । মাটিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তগৰাকীক ।

মূল অভিযুক্ত হাছানুৰে জেৰাত আজিবৰৰ নাম উল্লেখ কৰিছিল। আজিবৰৰ সহযোগত হাছানুৰে জোনালী নাথক হত্যা কৰাৰ কথা স্বীকাৰ কৰাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ যোৱাৰ সময়ত এখন মটৰচাইকেলৰ সহায়ত পলায়ন কৰিছিল অভিযুক্তগৰাকীয়ে । আৰক্ষীৰ পৰা সাৰিবলৈ নদীত জাপ দিছিল আজিবৰে ।

অভিযুক্ত আজিবৰ ৰহমানৰ বিৰুদ্ধে পূৰ্বেও বহু গোচৰ ৰুজু হৈ আছে । কিছু সময়ৰ পিছতেই আজিবুৰক আদালতত হাজিৰ কৰোৱা হ'ব । হাছানুৰ আৰু আজিবৰ দুয়ো মিলি কাঠৰ টুকুৰাৰে মূৰত প্ৰচণ্ড আঘাট কৰি বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাৰ কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে অভিযুক্ত হাছানুৰে । উল্লেখ্য যে ১২ জুনত জোনালী নাথৰ মৃতদেহ কৃষ্ণাইৰ শালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ হৈছিল।