গোৱালপাৰা আৰক্ষীৰ জালত ৬ টাকৈ দুধৰ্ষ ডকাইত...
গোৱালপাৰা আৰক্ষীৰ জালত ৬ টাকৈ দুধৰ্ষ ডকাইত... 
গোৱালপাৰা

গোৱালপাৰা আৰক্ষীৰ জালত ৬ টাকৈ দুধৰ্ষ ডকাইত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গোৱালপাৰা আৰক্ষীৰ সফলতা। জালত পৰিছে ৬ টাকৈ দুধৰ্ষ ডকাইত। যোৱা ১৯ মে'ৰ এক ডকাইতিকাণ্ড সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে ডকাইত কেইটাক।

উল্লেখ্য যে, যোৱা ১৯ মে'ত চিতলাং গাঁৱত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। এই ডকাইতি কাণ্ডত ডকাইতৰ এটা দলে লুটি নিছিল প্ৰায় ২.৫ লাখ টকা। এই সন্দৰ্ভত গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষী থানাত ৰুজু কৰা হৈছিল এক গোচৰ।

সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ৬ টাকৈ ডকাইতক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত কেইটা ক্ৰমে, চাদ্দাম মোল্লা, ছপিকুল ইছলাম, ছবুৰ আলী, আমদ আলী, আৰিফ মহম্মদ আৰু ফাৰুক আব্দুল্লাহ। আনহাতে আৰক্ষীয়ে তেওঁলোকৰ পৰা এখন অল্ট' বাহনো জব্দ কৰিবলৈ সক্ষম হৈছে। জব্দ কৰা অল্ট'খনৰ নম্বৰ AS18J7710।