গোৱালপাৰা

গোৱালপাৰা বিজেপি কৰ্মীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হাছানুৰ ইছলামক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে নিশা গোৱালপাৰাৰ বিজেপি এগৰাকী নেত্রীৰ মৃতদেহ ৰাজপথত উদ্ধাৰৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । সকলোৱে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপিত কৰিছিল ।

এই ঘটনাৰ পিছতেই সোমবাৰৰ দিনটোত আৰক্ষীয়ে অভিযুক্ত হাছানুৰ ইছলামৰ এজন যুৱকক গ্রেপ্তাৰ কৰিছে । লগতে হাছানুৰৰ এখন বাহনো জব্দ কৰা হৈছে । মাটিয়া বজাৰত কাপোৰৰ দোকান আছে হাছানুৰৰ । ইতিমধ্য়েই আদালতত হাজিৰ কৰোৱা হ’ল হাছানুৰ ইছলামক ।

উল্লেখ্য যে কালি নিশা কৃষ্ণাই থানাৰ অন্তৰ্গত শালপাৰাত এটা মৃতদেহ উদ্ধাৰ হৈছিল । জোনালী নাথ নামৰ বিজেপি কৰ্মীগৰাকীৰ মৃতদেহ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হৈছিল ।