গোৱালপাৰাত কীটনাশক আৰু ৰাসয়নিক সাৰ ব্যৱহাৰ সন্দৰ্ভত ব্যৱসায়ী, কৃষকৰ মাজত সজাগতা...
গোৱালপাৰাত কীটনাশক আৰু ৰাসয়নিক সাৰ ব্যৱহাৰ সন্দৰ্ভত ব্যৱসায়ী, কৃষকৰ মাজত সজাগতা... 
গোৱালপাৰা

গোৱালপাৰাত কীটনাশক আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ সন্দৰ্ভত ব্যৱসায়ী, কৃষকৰ মাজত সজাগতা...

Asomiya Pratidin

ডিজিটেল সংবাদ গোৱালপাৰাঃ আজি গোৱালপাৰাত কেন্দ্ৰীয় টাস্ক ফ'ৰ্চৰ এটা দলে কীটনাশক আৰু ৰাসায়নিক পদাৰ্থৰ নিৰ্বিচাৰ ব্যৱহাৰ পৰীক্ষাৰ বাবে উপস্থিত হয়। দলটোৱে জিলাখনৰ কৃষি উন্নয়ন বিষয়াৰ সৈতে আলোচনা কৰে আৰু গোৱালপাৰাৰ জিলা কৃষি কাৰ্যালয়ত সহকাৰী কৃষি পৰিদৰ্শক আৰু কৃষি সম্প্ৰসাৰণ সহায়কৰ সৈতে বৈঠকত মিলিত হয়।

দলটোৱে ধুপধাৰা, বিকালি এ ডি অ' চক্ৰ, টিপলাই, ৰংজুলি এ ডি অ' চক্ৰ, বৰপথাৰ, চিমলিটোলা বজাৰ, মাটিয়া এ ডি অ' চক্ৰ, গোৱালপাৰা টাউন, আগিয়া এ ডি অ' চক্ৰকে ধৰি কেইবাটাও স্থানত পেষ্টিচাইড ৰিটেইল ডিলাৰ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকাৰী দলটোৰ লগত আছিল খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক ৰাজীৱ কুমাৰ ভূঞা, কমল দাস, দুধনৈৰ কৃষি বিষয়া হিতেশ বেজবৰুৱা, গোৱালপাৰাৰ কৃষি বিষয়া বন্দনা পাটগিৰী আৰু ৰংজুলিৰ কৃষি বিষয়া বিপুল নাথ।

এই পৰিদৰ্শন কালতে দলটোৱে চিমলিটোলা বজাৰত মাটিয়া এ ডি অ' চক্ৰৰ ডিলাৰ আৰু ৰিটেইলাৰসকলৰ সৈতে এক সজাগতা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত কীটনাশকৰ নিৰ্বিচাৰ ব্যৱহাৰ আৰু স্থানীয় বজাৰত কীটনাশক বিক্ৰী কৰাৰ বাবে সঠিক নথিপত্ৰ পৰীক্ষা কৰা হয়।

তাৰ পিছত জিলাখনৰ কেইবাটাও অঞ্চলত কৃষকসকলৰ সৈতে তেওঁলোকৰ পথাৰত কীটনাশকৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয়। কেন্দ্ৰীয় আৰু জিলা টাস্ক ফ'ৰ্চৰ দলে কীটনাশক আৰু ৰাসায়নিক পদাৰ্থৰ নিৰ্বিচাৰ ব্যৱহাৰৰ বাবে সাৰ ব্যৱসায়ীসকলৰ দোকান যুটীয়াভাৱে পৰীক্ষা কৰে।

তেওঁলোকে কেন্দ্ৰীয় কীটনাশক বোৰ্ড আৰু পঞ্জীয়ন সমিতিৰ নিয়ম অনুসৰি কীটনাশক বিক্ৰী আৰু ব্যৱহাৰ কৰিবলৈ তেওঁলোকক পৰামৰ্শ আগবঢ়ায়।