অসম

পথৰ কাষলৈ আৱৰ্জনা দলিওৱা সকল সাৱধানঃ জি এম চিয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পথৰ কাষলৈ আৱৰ্জনা দলিওৱা ব্যক্তি-প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰশাসনৰ কঠোৰ পদক্ষেপ। জি এম চিৰ ৪৮ মডেল ৱাৰ্ডত স্বচ্ছতাৰ বিধি অমান্য কৰা লোকৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান।

পথৰ কাষত আৱৰ্জনা জমা কৰাৰ অপৰাধত এখন দোকান ছীল গুৱাহাটী পৌৰ নিগমৰ। লাষ্টগেটৰ হৰিজন কলনীৰ সিং ষ্টৰ নামৰ এই দোকানখনৰ অনুজ্ঞাপত্ৰও বাতিল কৰিলে পৌৰ নিগমে।

পথৰ কাষলৈ আৱৰ্জনা দলিওৱা আন কেইবাগৰাকীও লোককো হাতে-লোতে কৰায়ত্ত কৰে প্ৰশাসনে।এখন স্বচ্ছ মহানগৰী গঢ়াৰ বাবে গুৱাহাটীবাসীলৈ সহযোগিতাৰ আহ্বান মন্ত্ৰী অশোক সিংহলৰ

নিজ নিজ ৱাৰ্ডত প্ৰতিগৰাকী নাগৰিককে একোগৰাকী স্বচ্ছতা প্ৰহৰী হোৱাৰ আহ্বান মন্ত্ৰীগৰাকীৰ। আৱৰ্জনা জমা কৰা স্পৰ্শকাতৰ এলেকাত চিচিটিভি কেমেৰা সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ বাবেও বিষয়ববীয়াসকলক নিৰ্দেশ মন্ত্ৰী সিংহলৰ।