অসম

ব্যতিক্ৰম মথুৰাপুৰৰ সৰস্বতী পূজাঃ ৯গৰাকীকৈ জাৰ্মান নাগৰিকে সেৱা ল'লে সৰস্বতী পূজাত

Asomiya Pratidin

ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰস্থিত শংকৰদেৱ শিশু নিকেতনত বুধবাৰে আকস্মিক ভাৱে আহি উপস্থিত হয় ৯গৰাকীকৈ জাৰ্মান নাগৰিক। উল্লেখযোগ্য যে মিচিং জনগোষ্ঠীৰ আলি আই লৃগাং উৎসৱ উপলক্ষে বিদেশী ভ্ৰমণকাৰী দলটোৱে আজি অনুষ্ঠিত হোৱা এক অনুষ্ঠানত উপস্থিত থাকি উভতি অহাৰ পথত মথুৰাপুৰস্থিত শংকৰদেৱ শিশু নিকেতনত আকস্মিকভাৱে পদাৰ্পণ কৰে।

শিক্ষানুষ্ঠানখনিৰ কৰ্তৃপক্ষ আৰু ছাত্র ছাত্ৰীসকলে ভ্ৰমণকাৰী কেইগৰাকীক আধ্যাত্মিক পৰিৱেশৰ মাজেদি আদৰণি জনায়। পৰৱৰ্তী সময়ত ভ্ৰমণকাৰী কেইগৰাকীয়ে শিক্ষানুষ্ঠানখনিত অনুষ্ঠিত হোৱা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাৰ বিষয়ে আগ্ৰহী হৈ জানিব বিচাৰে। শিক্ষানুষ্ঠানখনিৰ আচাৰ্য আৰু আচাৰ্যা সকলৰ পৰা সৰস্বতী পূজাৰ আধ্যাত্মিকতাৰ বিষয়ে জানিব পাৰি জাৰ্মান নাগৰিক কেইগৰাকীয়ে পূজা থলীত উপস্থিত হৈ নতশিৰে সেৱা লৈ পূজাৰ নিৰ্মালি আৰু প্ৰসাদ গ্ৰহণ কৰে।

পৰৱৰ্তী সময়ত ছাত্র ছাত্ৰীসকলৰ সৈতে ভাৱ বিনিময় কৰি ভ্ৰমণকাৰী কেইগৰাকীয়ে ছাত্র ছাত্ৰীসকলক পূজাৰ শুভেচ্ছা জনোৱাৰ লগতে তেওঁলোকৰ শৈক্ষিক ভৱিষ্যতৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি শুভকামনা যাচি শিক্ষানুষ্ঠানখনিৰ পৰা ৰাওনা হয়।