জিলাৰ বিলুপ্তিকৰণ সন্দৰ্ভত অসম চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...
জিলাৰ বিলুপ্তিকৰণ সন্দৰ্ভত অসম চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ... 
অসম

পাণ মচলাৰ নামত বৰবিহ ! হ'ব পাৰে কৰ্কট, কাৰ্ডিয়াক এৰেষ্ট: অসম চৰকাৰকলৈ হাই ক'ৰ্টৰ জাননী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত পাণ মচলাৰ নামত লাখ লাখ লোকে সেৱন কৰিছে বৰবিহ। বিষাক্ত পাণ মচলাৰ অবাধ প্ৰচলনে জনজীৱনৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি। অসমত উপলব্ধ মুঠ ৪৩ টা ব্ৰেণ্ডৰ পাণ মচলাত আছে বিষাক্ত মেগনেছিয়ামৰ উপস্থিতি।

উল্লেখ্য যে, ৰাজ্যত অবাধ প্ৰচলণ হৈ থকা পাণ মচলাৰ বিৰুদ্ধে আৰু পাণ মচলা বিক্ৰীত বাধা প্ৰদানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰিছিল জিতুল ডেকাই। এই আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয় ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে।

এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ স্বাস্থ্য সেৱাৰ সঞ্চালক, খাদ্য সুৰক্ষা আয়ুক্ত আৰু ৰাজ্য চৰকাৰলৈ জাননীও জাৰি কৰিছে। উল্লেখ্য যে ৰাজ্যত অবাধে চলি আছে পাণ মছলাৰ উৎপাদন, সংৰক্ষণ আৰু বিতৰণ। উচ্চ ন্যায়ালয়ৰ মতে এইদৰে খাদ্য সুৰক্ষা আৰু মানদণ্ডৰ ধাৰা ২৬ ৰ উলংঘন কৰিছে।

ইফালে পাণ মচলাত যি বিষাক্ত মেগনেছিয়ামৰ উপস্থিতি ধৰা পৰিছে সেই মেগনেছিয়াম মানুহৰ পেটলৈ যোৱাৰ ফলত কেন্সাৰ, কাৰ্ডিয়াক এৰেষ্ট আদিৰ দৰে ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক।