অসম

ৰঙালী বিহু উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি গহপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,গহপুৰঃ অসমীয়াৰ চেনেহৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰতো চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি।

আন আন বিহু উদযাপন সমিতিসমূহৰ দৰে সাজু হৈ উঠিছে সদৌ গহপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন । গহপুৰ নগৰত সদৌ গহপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন এইবাৰ ৬০ তম বৰ্ষত ভৰি দিছে ।

উদযাপন সমিতিয়ে জনোৱা অনুসৰি, অহা ৩০ এপ্ৰিল,১ আৰু ২ মে'ত তিনিদিনীয়াকৈ বিহু উদযাপন কৰা হ'ব। বিহু উদযাপনৰ বাবে সমিতিখনে ইতিমধ্যে মুঠ ১১ লাখ টকাৰ বাজেট ধাৰ্য কৰি প্ৰস্তুতি আৰম্ভ কৰিছে ।

গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আৰ্কষণ হিচাপে গীত পৰিবেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে।