হোটেল ৰেডিশ্যন ব্লুত চলি আছে জি-২০ৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ বৈঠক...
হোটেল ৰেডিশ্যন ব্লুত চলি আছে জি-২০ৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ বৈঠক... 
অসম

হোটেল ৰেডিশ্যন ব্লুত চলি আছে জি-২০ৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ বৈঠক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজিৰে পৰা গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত আৰম্ভ হৈছে জি-২০ সন্মিলন। ইয়াত সন্মিলনৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ বৈঠক ইতিমধ্যে আৰম্ভ হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে জি-২০ গোটৰ এই বৈঠক। উল্লেখ্য যে ১০০ ৰো অধিক প্ৰতিনিধি ৯৫ গৰাকী বিদেশী বিষয়া, অতিথি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ উপস্থিতিত আৰম্ভ হৈছে এই সন্মিলনৰ বৈঠক।

বৈঠকত উদ্বোধনী ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, প্ৰথম বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ বৈঠকৰ জৰিয়তে জি-২০ গোটে বহনক্ষম বিনিয়োগ সৰ্বাধিক কৰাৰ বাবে বহনক্ষম বিত্তৰ সময়মতে বাৰ্তা প্ৰদান কৰিছে।

ভাষণত তেওঁ সকলোৱে সামূহিক ভাৱে একেলগে কাম কৰি মানৱতাক লাভাম্বিত কৰাৰ বিষয়ে নিজৰ ভাষণত উল্লেখ কৰে। লগতে তেওঁ, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বৃদ্ধিৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন ক্ষেত্ৰত বহনক্ষম উন্নয়নৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথাও উল্লেখ কৰে।

সোণোৱালে বিশ্ব অৰ্থনীতিক বহনক্ষম উন্নয়নৰ পথত ৰাখিবলৈ পদক্ষেপ ল'বলৈও আহ্বান জনায়। ইয়াৰোপৰি অৰ্থনীতিৰ স্থিৰতা আৰু জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে বৃহৎ পৰিমাণৰ বিত্তীয় সম্পদ আৰু বিনিয়োগৰ প্ৰয়োজনৰ ওপৰতো জোৰ দিয়ে।

উল্লেখ্য যে, গুৱাহাটীত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনত মূলতঃ পৰ্যাপ্ত সম্পদ সংগ্ৰহৰ প্ৰণালী, বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাবে বিত্ত ব্যৱস্থা সাজু কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে বিত্ত যোগানৰ বাবে পৰিৱেশ তন্ত্ৰৰ সমতা নিৰ্মাণ সম্পৰ্কত আলোচনা কৰিবলৈ চাৰিখনকৈ ভিন ভিন বৈঠক অনুষ্ঠিত হ'ব।

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সাৰংশ হৈছে বসুদৈব কুটুম্বকম বা এক পৃথিৱী এক পৰিয়াল, এক ভৱিষ্যত। ইফালে গুৱাহাটীত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত কেইবাটাও জ্ঞানভাগীদাৰী অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

যাৰ ভিতৰত আছে, পৰিষ্কাৰ-পৰিচ্ছন্ন অভিযান, চিত্ৰাংকন আৰু শ্ল'গান প্ৰতিযোগিতা, এছ ডি জিৰ বাবে বিত্তীয় যোগানৰ ওপৰত আলোচনা চক্ৰ, বৃক্ষৰোপণ, জলবায়ু কাৰ্যৰ বাবে উদ্ভাৱনীমূলক বিনিয়োগৰ ওপৰত সন্মিলন।

উল্লেখ্যে বুধাবাৰেই অসমত আহি উপস্থিত হৈছিল জি-২০ সদস্য ৰাষ্ট্ৰৰ বহু প্ৰতিনিধি। এই প্ৰতিনিধিসকলক বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ ব্যৱস্থা কৰে।

এই সময়ত কাজিৰঙাৰ কঁহৰাত বন বিভাগৰ ফালৰ পৰা কাজিৰঙা সন্মিলন কেন্দ্ৰত বন্যপ্ৰাণীৰ সুৰক্ষা বাবে গ্ৰহণ কৰা ব্যৱস্থা আৰু বন্যপ্ৰাণী অনুকূল ব্যৱস্থাৱলী সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পিছত প্ৰতিনিধিসকলে কঁহৰা আৰু বাগৰি বনাঞ্চলত জীপ চাফাৰি কৰে।