অসম

সংবাদ মেলত কি ক'লে জি পি সিঙে...

Asomiya Pratidin

ডিজিটেল ডেস্ক : সমগ্ৰ ৰাজ্য জোকাৰি যোৱা জোনমণি ৰাভাৰ মৃত্যুৰ পিছত উত্থাপন হৈছিল বহু প্ৰশ্নৰ । এইয়া দুৰ্ঘটনা, আত্মহত্যা নে মৃত্যু বুলি তিনিটা ফৈদত ভাগ হৈ গৈছিল সচেতন মহল । তাৰ মাজতেই বিভিন্নজনে বিভিন্ন তথ্য প্ৰকাশ কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত আউল লগোৱাও প্ৰত্যক্ষ হৈছিল । যাৰ বাবেই সমগ্ৰ ঘটনাৰ তথ্যৰ সৈতে শনিবাৰে পুৱা ১১ বজাত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় অৰ্থাৎ উলুবাৰীস্থিত আৰক্ষী সঞ্চালক প্ৰধানৰ আলোচনাগৃহত চি আই ডিয়ে আয়োজন কৰিছিল এক সংবাদ মেলৰ । এই সংবাদ মেলত প্ৰত্যক্ষ কৰা হৈছিল অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙকো ।

সংবাদ মেলত জি পি সিঙৰ ভাষ্য অনুসৰি, তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ বদলিৰ নিৰ্দেশ দিয়া হৈছে নগাঁওৰ আৰক্ষী অধীক্ষক লীনা দ'লে আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক । একেদৰেই যিকোনো স্থানতেই কোনো আৰক্ষী বিষয়াই ৩ বছৰতকৈ অধিক কাল কাৰ্যনিৰ্বাহ কৰিব নোৱাৰিব বুলিও জনাই জি পি সিঙে । আনহাতে, জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে জনাই যে, ইতিমধ্যে দাখিল কৰা ৪খনকৈ এজাহাৰৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্ত হ'ব । এই এজাহাৰ কেইখন ক্ৰমে নগাঁওত এখন, লখিমপুৰত এখন আৰু জখলাবন্ধাত দুখন ৰুজু কৰা হৈছিল । কেৱল এয়াই নহয় বৰং সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে চি বি আইক আবেদন দাখিল কৰাৰ কথাও জনালে জি পি সিঙে ।

আনহাতে, সমগ্ৰ ৰাজ্যত চলি থকা নকল সোণৰ চক্ৰও আগন্তুক ৩০ দিনৰ ভিতৰত উৎখাত কৰাৰ নিৰ্দেশ জি পি সিঙৰ । উল্লেখ্য যে, বিগত ২৪ ঘন্টাত সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সৰ্বমুঠ ৭১ গৰাকী নকল সোণৰ সৰবৰাহকাৰীক আটক কৰিছিল আৰক্ষীয়ে ।