অসম

বিশ্বনাথত মুক্তভাৱে এৰি দিয়া গো-ধন আটক

Asomiya Pratidin

ডিজিটেল সংবাদ,বিশ্বনাথ : বিশ্বনাথ নগৰৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ বাবে বৃহস্পতিবাৰৰ পৰা বিশ্বনাথ চাৰিআলি পৌৰসভাই আৰম্ভ কৰিছে এক বিশেষ অভিযান। আজিৰে পৰা বিশ্বনাথ চাৰিআলি পৌৰসভাই আৰম্ভ কৰিছে ৰাজপথৰ উদঙীয়া গো-ধনৰ বিৰুদ্ধে বিশেষ অভিযান।

বহুদিনৰ পৰাই বিশ্বনাথ নগৰত উদঙীয়া গৰুৰ উৎপাতৰ ফলত শংকিত হৈ পৰিছে বিশ্বনাথৰ পথচাৰী। যিকোনো মুহূৰ্ত্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ শংকাই ত্ৰস্তমান কৰি তুলিছে যিকোনো পথচাৰীক।

জানিব পৰামতে, বিশ্বনাথ নগৰত গো-পালন কৰিবলৈ মুকলি পথাৰ নাই। গোহালি আদিও আহল বহলকৈ নিৰ্মাণ কৰাৰ সুবিধা কম। কিন্তু বিশ্বনাথত একাংশ জনসাধাৰণে নিজ গৃহত কোনো সুবিধা অবিহনেই গো-ধন পালন কৰি আহিছে।

যাৰ ফলত তেনে লোকৰ গো-ধনে খাদ্যৰ অভাৱত নগৰতে সন্ত্ৰাস চলোৱাৰ লগতে নিশা বিশ্বনাথৰ অতি ব্যস্ত ৰাজপথবোৰকে গৰু গোহালীত পৰিণত কৰিছে। গো-ধনৰ মালিকে পুৱা গাখীৰ খীৰোৱাৰ পিছত মেলি দিয়া গৰুবোৰ পুৱতি নিশা পৰ্যন্ত ৰাজপথত থাকে।

তদুপৰি পথৰ মাজত শুই থকা বহু গো-ধন চালকৰ দৃষ্টি গোচৰ নোহোৱাৰ ফলত দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ ঘটনাৰ সংখ্যা কম নহয়। প্ৰায়ে নিশা বিশ্বনাথত উদঙীয়া গৰুৰ বাবে পথ দুৰ্ঘটনা সংঘটিত হোৱা কোনো অস্বাভাবিক ঘটনা সংঘটিত হৈ থাকে।

এনে উদং গৰুৰ বাবেই বহু লোকে আজি পৰ্যন্ত প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ লগতে একাংশ লোক জীৱনৰ বাবে ঘূণীয়া পৰ্যন্ত হ'ব লগা হৈছে। সেয়েহে বিশ্বনাথৰ এই বৃহৎ সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমৰ জ্যোতি বৰঠাকুৰৰ নিৰ্দেশমৰ্মে বৃহস্পতিবাৰৰ পৰা বিশ্বনাথ নগৰৰ ৰাজপথত থকা উদঙীয়া গৰুৰ বিৰুদ্ধে অভিযান চলায়।

আজি বিশ্বনাথ নগৰত দিনৰ ভাগত প্ৰায় অৰ্ধশতাধিক উদঙীয়া গৰু আটক কৰি পৌৰসভালৈ লৈ আনে। পিছৰ পৰ্যায়ত এই গো-ধনসমূহ গো-শালালৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।

সেয়েহে আজিৰ পৰা বিশ্বনাথ নগৰ অঞ্চলৰ গো-পালকসকলে যদি নিজৰ গো-ধনসমূহ হেৰুৱাবলৈ বিচৰা নাই, তেনেহ'লে এতিয়াই তেওঁলোকৰ গো-ধন সমূহ ৰাজপথৰ পৰা নিবলৈ পৌৰসভাই আহ্বান জনায়।