অসম

দৰং কেঞ্চাৰ কেন্দ্ৰত বিনামূলীয়া চিকিৎসা শিবিৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,মঙলদৈ : দৰং কেঞ্চাৰ কেন্দ্ৰত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন চিকিৎসক সংস্থা, গুৱাহাটীৰ উদ্যোগত দৰং কেঞ্চাৰ কেন্দ্ৰ আৰু দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ সহযোগত দেওবাৰে এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত বিভিন্ন ৰোগৰ বিনামূলীয়া চিকিৎসা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ দিয়া হয়।

চিকিৎসা শিবিৰটি উদ্বোধন কৰে দৰং জিলা উপায়ুক্ত মুনিন্দ্ৰ নাথে । চিকিৎসা শিবিৰত মেডিচিন, স্ত্ৰী -প্ৰসুতি, চকু,গেষ্ট্ৰ' এনট্ৰকʼলজি , শিশু ,হেমট্ৰলʼজি বিভাগৰ চিকিৎসকসকল উপস্থিত থাকি প্ৰায় ৩০০ ৰোগীক চিকিৎসা সেৱা আগবঢ়ায় ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ মুৰব্বী চিকিৎসা বিষয়া ডা০ সংগীত দত্ত,হেমট্ৰলʼজি বিভাগৰ মুৰব্বী চিকিৎসা বিষয়া ডা০ জীনা ভট্টাচাৰ্য, চিকিৎসক ডা০ অঞ্জনা চৌধুৰী,ডা০ জীতা খাউণ্ড,ডা০ দ্বীপশিখা কাকতি,ডা০ পল্লৱী চৌধুৰী, ডা০ উপসনা গোস্বামী, গুৱাহাটী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসক ডা০ মানসা কাকুনজে, গুৱাহাটীৰ ডা০ লুটফুৰ ৰহমান,ৰন বৰুৱাৰ লগতে গুৱাহাটীৰ পৰা অহা চিকিৎসক-কৰ্মচাৰীসকলে শিবিৰটিত সেৱা আগবঢ়ায়।

বিনামূলীয়া চিকিৎসা শিবিৰ শেষ হোৱাৰ লগে লগে দৰং কেঞ্চাৰ কেন্দ্ৰত চিকিৎসকসকলৰ মাজত এখনি অন্তৰঙ্গ অনুষ্ঠান অনুষ্ঠিত হয়। দৰং জিলাৰ কেইবাগৰাকীও চিকিৎসকৰ উপস্থিতিৰ লগতে গুৱাহাটীৰ পৰা অহা চিকিৎসক আৰু দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক সকলৰ মাজত অনুষ্ঠিত হোৱা অন্তৰঙ্গ অনুষ্ঠানত প্ৰথমে আদৰণি ভাষণ আগবঢ়াই দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধীক্ষক ডা০ চৈয়দ ইফটিখাৰ চোভানীয়ে।

দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী নিৰঞ্জন শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত চিকিৎসকসকলক আদৰণি জনোৱাৰ লগতে কেন্দ্ৰৰ ৰেডিয়েচন কনকলʼজি ডা০ মানস ৰঞ্জন সেনাপতিয়ে দৰং কেঞ্চাৰ কেন্দ্ৰত কৰ্কট ৰোগীসকলৰ চিকিৎসা সেৱা উপলব্ধ সমূহৰ বিষয়ে অৱগত কৰে।

আনহাতে ৰোগীসকলৰ প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ মুৰব্বী চিকিৎসা বিষয়া ডা০ সংগীত দত্ত, দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ নিৰ্মল বেৰিয়াই গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। সভাৰ শেষত সকলোলৈ শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰে।